Ferry Stranded In Brahmaputra River: ব্রহ্মপুত্ৰৰ মাজত আবদ্ধ দুখনকৈ মাজুলী অভিমুখী ফেৰী

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:56 PM IST

thumbnail

মাজুলী, ৭ ছেপ্টেম্বৰ: মাজুলীত প্ৰৱল বতাহ-ধুমুহা । এই বতাহ ধুমুহাৰ ফলত ব্রহ্মপুত্ৰৰ মাজত আবদ্ধ দুখনকৈ মাজুলী অভিমুখী ফেৰী । এখন চৰকাৰী জাহাজ আৰু এখন ব্যক্তিগত ফেৰী আবদ্ধ হৈছে আছে ব্ৰহ্মপুত্ৰৰ মাজত । চৰকাৰী জাহাজখনত মুঠ ৪৯ জন যাত্ৰী আৰু ১৬ খন বাইক আছে । আনহাতে ব্যক্তিগত ফেৰীখনত ৭৮ জন যাত্ৰীসহ ১১ খন বাইক আৰু দুখন চাৰিচকীয়া বাহন আছে ।

ইফালে মাজুলী অফলামুখৰ পৰা নিমাতী লৈ যাব লগা ৪ বজাৰ ফেৰীখন প্ৰচণ্ড বতাহৰ বাবে যাত্ৰা কৰিব পৰা নাই । একেদৰে কমলাবাৰীঘাটৰ পৰা মাজুলী অভিমুখী ফেৰীসমূহ নিমাতী ঘাটতে ৰাখি থোৱা হৈছে বুলি জানিব দিয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে । বতাহ-ধুমুহা কমিলে এই ফেৰীসমূহ যাবলৈ দিয়া হ’ব ৷ অন্যথা আজিলৈ বাতিল কৰা হ’ব ফেৰীসেৱা ৷

লগতে পঢ়ক: Passenger ferry stuck: পুনৰ ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.