জলকুঁৱৰী নিশামণিক সম্বৰ্ধনা জনালে দল-সংগঠনসহ, আত্ম-সহায়ক গোটে - Windsurfing Championship In Goa

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:33 PM IST

thumbnail
জলকুঁৱৰী নিশামণিক সম্বৰ্ধনা (ETV Bharat Assam)

সৰুপথাৰ,৮ মে': উইন্ড-চাৰ্ফিং প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নিশামণি বৰাই । সৰুপথাৰৰ নগাজৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ কন্যা নিশামণিয়ে অসমৰ ক্ৰীড়া জগতত বহু কম চৰ্চিত দুঃসাহসিক খেলত স্বৰ্ণ জয় কৰি কঢ়িয়ালে গৌৰৱ । লাভলীনা বৰগোঁহাইৰ পিছতেই নিশামণিয়ে পৰৱৰ্তী পৰ্যায়ত সপোন দেখিছে অলিম্পিকলৈ । বুধবাৰে নিশামণিৰ সৰুপথাৰৰ বাসগৃহত দল-সংগঠনসহ, আত্ম-সহায়ক গোটৰ সদস্য তথা ৰাইজে সম্বৰ্ধনা জ্ঞাপন কৰে ।  

মহাৰাষ্ট্ৰৰ গোৱাত ১মে' ৰ পৰা ৪ মে'লৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'Indian Navy open windsurfing Championship' অৰ্থাৎ পালতোলা প্ৰতিযোগিতা । উইন্ড-চাৰ্ফিং প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় অসমৰ নিশামণি বৰা । উল্লেখ্য যে ৩০ তাৰিখে সাগৰৰ বুকুৰ পৰাই খেলৰ পূৰ্বে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছিল নিশামণিয়ে । ইয়াৰ পিছতেই সাগৰৰ বুকুত উৰাইছিল অসমীয়াৰ স্বাভিমান গামোচা । উক্ত সম্বৰ্ধনা অনুষ্ঠানতে নিশামণিয়ে উল্লেখ কৰিলে নিজৰ কিছু অভিজ্ঞতাৰ কথা । 

লগতে পঢ়ক: ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ'ত স্বৰ্ণ জয় অসমৰ নিশামণি বৰাৰ - Windsurfing Championship In Goa

ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শন অসমৰ নিশামণিৰ - Navy Windsurfing Championship

মহাসাগৰৰ বুকুৰ পৰাই আশীৰ্বাদ বিচাৰিছে অসমৰ নিশামণিয়ে - Navy Windsurfing Championship

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.