ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শন অসমৰ নিশামণিৰ - Navy Windsurfing Championship

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:52 PM IST

thumbnail
ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শন নিশামণিৰ (ETV BHARAT ASSAM)

সৰুপথাৰ, 2 মে’ : মহাৰাষ্ট্ৰৰ গোৱাত 1 মে'ৰ পৰা 4 মে'লৈ অনুষ্ঠিত হৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ (উইন্ড-চাৰ্ফিং অৰ্থাৎ পালতোলা প্ৰতিযোগিতা) ৷ ইতিমধ্যে সমাপ্ত হোৱা 6 টা ৰাউণ্ডত অসম তথা সৰুপথাৰ নগাজৰী গাঁৱৰ নিশামণি বৰাই শীৰ্ষ তিনিত থাকিবলৈ সক্ষম হৈছে ৷

ইতিমধ্যে আৰু 6 ৰাউণ্ডৰ খেল বাকী আছে ৷ 3 আৰু 4 মে’ত হ'বলগীয়া পৰৱৰ্তী ৰাউণ্ডৰ খেলত ভাল প্ৰদৰ্শন কৰাৰ আশা ৰাখিছে জলকন্যা খ্যাত নিশামণি বৰাই ৷ উল্লেখ্য যে 30 এপ্ৰিল তাৰিখে সাগৰৰ বুকুৰ পৰাই খেলৰ পূৰ্বে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছিল সৰুপথাৰ নগাজৰি গাঁৱৰ নিশামণি বৰাই ৷ উল্লেখ্য যে, এই প্ৰতিযোগিতাত এতিয়া প্ৰায় পদক নিশ্চিত হোৱাৰ দিশত নিশামণি ৷

লগতে পঢ়ক : মহাসাগৰৰ বুকুৰ পৰাই আশীৰ্বাদ বিচাৰিছে অসমৰ নিশামণিয়ে - Navy Windsurfing Championship

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.