ETV Bharat / sports

মহাসাগৰৰ বুকুৰ পৰাই আশীৰ্বাদ বিচাৰিছে অসমৰ নিশামণিয়ে - Navy Windsurfing Championship

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 9:30 AM IST

Indian Navy Open Windsurfing Championship
সৰুপথাৰৰ নগাজৰী গাঁৱৰ নিশামণি বৰা

Nikhamoni Bora: লাভলীনা বৰগোঁহাই, নয়নমণি শইকীয়াৰ পিছত আন এগৰাকী সৰুপথাৰৰ জীয়াৰী উজলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত । জলকুঁৱৰীৰ ৰূপত জিলিকিছে সৰুপথাৰৰ নগাজৰী গাঁৱৰ নিশামণি বৰা । ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ' অংশ ল'ব অসম কন্য়াই ।

সৰুপথাৰৰ নগাজৰী গাঁৱৰ নিশামণি বৰা

সৰুপথাৰ, ১ মে’ : গোৱাত বুধবাৰৰ পৰা ৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ' অংশ ল'ব অসমৰ সৰুপথাৰ নগাজৰী গাঁৱৰ নিশামণি বৰাই । অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোঁহাইৰ পিছতেই আন এগৰাকী সৰুপথাৰৰ জীয়াৰী উজলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত । জলকুঁৱৰীৰ ৰূপত জিলিকিছে গোলাঘাট জিলাৰ সৰুপথাৰৰ নগাজৰী গাঁৱৰ নিশামণি বৰা । ইতিমধ্যে কেৰালাত অনুষ্ঠিত 'বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল'ত ব্ৰঞ্জৰ পদক লাভ কৰি সৰুপথাৰৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে নিশামণি বৰাই ।

ৱাইণ্ডছাৰ্ফিং অৰ্থাৎ পালতোলা খেলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে স্বীকৃতি লাভ কৰিছে সৰুপথাৰৰ নিশামণি বৰাই । ২০২৩ ৰ ২৬ ডিচেম্বৰৰ পৰা কেৰালাত চাৰিদিনীয়াকৈ অনুষ্ঠিত 'বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল'ত এই প্ৰতিযোগিতাতেই ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপৰ মিক্স শাখাত বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক পিচ পেলাই অসমৰ নিশামণিয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক ।

উল্লেখ্য় যে এই ৱাইণ্ডছাৰ্ফিং খেলবিধ ইতিমধ্য়ে এছিয়ান গেমছ আৰু অলিম্পিকতো অন্তৰ্ভুক্ত হৈছে । নিশামণিৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৬ৰ এছিয়ান গেমছ । পৰৱৰ্তী পৰ্যায়ত অলিম্পিক খেলাৰ সপোন ৰচিছে নিশামণিয়ে ।

উল্লেখ্য যে ২০২৩ৰ এপ্ৰিলৰ পৰা মেঘালয়ৰ উমিয়াম হ্ৰদত প্ৰথমবাৰলৈ ৱাইণ্ডছাৰ্ফিং খেলৰ প্ৰশিক্ষণ লৈছিল নিশামণিয়ে । ইয়াৰ পিছত মাত্ৰ কেইদিনমানৰ প্ৰশিক্ষণৰ অন্তত অসম চৰকাৰে নৱেম্বৰত দীপৰ বিলত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল, ৰিভিজিটিং শৰাইঘাট ছেইলিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ছেইলৰ হিচাপে অভিলেখ ৰচিবলৈ সক্ষম হৈছিল নিশামণি ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিশামণি বৰাৰ ব্ৰঞ্জ পদক লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.