ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিশামণি বৰাৰ ব্ৰঞ্জ পদক লাভ

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 4:36 PM IST

Nishamani Bora: উইন্ড-চাৰ্ফিং খেলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা চেইলৰ হৈছে সৰুপথাৰৰ নগাজৰী গাঁৱৰ নিশামণি বৰা । বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেলত তেওঁ লাভ কৰিছে পদক ।

International Water Festival
বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল

বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল

সৰুপথাৰ, ৫ জানুৱাৰী: নতুন বছৰতে অসমৰ ক্ৰীড়াপ্ৰেমীৰ আন এক আশাব্যঞ্জক খবৰ । লাভলীনা বৰগোঁহাই,নয়নমণি শইকীয়াৰ পিছত আন এগৰাকী সৰুপথাৰৰ জীয়াৰী উজলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত । জলকুঁৱৰীৰ ৰূপত জিলিকিছে সৰুপথাৰৰ নগাজৰী গাঁৱৰ নিশামণি বৰা । কেৰালাত অনুষ্ঠিত "বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল"ত ব্ৰঞ্জৰ পদক লাভ কৰি সৰুপথাৰৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে নিশামণি বৰাই।

উইন্ড-চাৰ্ফিং খেলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা চেইলৰ হিচাপে পৰিগনিত হৈছে সৰুপথাৰৰ নিশামণি । যোৱা ২৬ ডিচেম্বৰৰ পৰা কেৰালাত চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় বেপুৰ আন্তঃৰাষ্ট্ৰীয় ওৱাটাৰ ফেষ্টিভেলত । এই প্ৰতিযোগিতাতেই উইণ্ড চাৰ্ফিং খেলৰ মিক্স শাখাত বহু কেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক পিচ পেলাই অসমৰ নিশামণিই লাভ কৰিবলৈ সক্ষম হয় ব্ৰঞ্জৰ পদক ।

উল্লেখ্য যে ২০২৩ চনৰ এপ্ৰিলৰ পৰা মেঘালয়ৰ উমিয়াম হ্ৰদত প্ৰথমবাৰলৈ উইণ্ড চাৰ্ফিং খেলৰ প্ৰশিক্ষণ লৈছিল নিশামণিয়ে । ইয়াৰ পিছত মাত্ৰ কেইদিনমানৰ প্ৰশিক্ষণৰ অন্তত অসম চৰকাৰে নৱেম্বৰত দীপৰ বিলত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল, ৰিভিজিটিং শৰাইঘাট চেইলিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী চেইলৰ হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হৈছিল নিশামণি । অতি দৰিদ্ৰ পৰিয়ালৰ কন্য়া নিশামণি । নিশামণিৰ ঘৰটো দেখিলেই অনুভৱ কৰিব পাৰি তেওঁৰ আৰ্থিক অৱস্থা ।

এতিয়া নিশামণিক আগুৱাই যাবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন হ'ব । নিশামণিৰ কথা কৈ আৱেগিক হৈ পৰিছে মাতৃ তথা ওচৰ-চুবুৰীয়া । কেনেকৈ তেওঁক আগুৱাই নিব । ইতিমধ্যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে নুমলীগড় শোধনাগাৰ তৰফৰপৰা কিছু সহায়ৰ প্ৰতিশ্ৰুতি দিছে । কিন্তু অসম চৰকাৰ তথা ক্ৰীড়া বিভাগে যদি নিশামণিৰ প্ৰশিক্ষণৰ উপযুক্ত ব্যৱস্থা কৰে নিশ্চয় সৰুপথাৰেই নহয়, অসমে লাভ কৰিব আন এগৰাকী প্ৰতিভাবান খেলুৱৈ । কিয়নো এই উইণ্ড চাৰ্ফিং খেলবিধ এছিয়ান গেমছ আৰু অলিম্পিকতো অন্তৰ্ভুক্ত । নিশামণিৰ পৰৱৰ্তী লক্ষ্য় হৈছে ২০২৬ৰ এছিয়ান গেমছ ।

লগতে পঢ়ক:নিলম্বনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব WFI ৰ নৱনিৰ্বাচিত সভাপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.