ETV Bharat / sports

ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ'ত স্বৰ্ণ জয় অসমৰ নিশামণি বৰাৰ - Windsurfing championship in Goa

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:28 PM IST

ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ'ত নিশামণি বৰাৰ স্বৰ্ণ পদক অৰ্জন ৷ গোৱাত 1 মে’ৰ পৰা 4 মে'লৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷

NIKHAMONI BORA
নিশামণি বৰাৰ স্বৰ্ণ পদক অৰ্জন (ETV BHARAT ASSAM)

ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ'ত স্বৰ্ণ জয় নিশামণি বৰাৰ (ETV BHARAT ASSAM)

সৰুপথাৰ, 4 মে' : ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ'ত জিলিকিল অসমৰ নিশামণি বৰা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ৷ গোৱাত 1 মে’ৰ পৰা 4 মে'লৈ অনুষ্ঠিত হৈছিল এই 'ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপ ৷ এই প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি সৰুপথাৰৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ জলকন্যা হিচাবে খ্যাত নিশামণিয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৱাইণ্ডছাৰ্ফিং অৰ্থাৎ পালতোলা খেলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে স্বীকৃতি লাভ কৰিছে সৰুপথাৰৰ নগাজৰী গাঁৱৰনিশামণি বৰাই ৷ 2023 চনৰ 26 ডিচেম্বৰৰ পৰা কেৰালাত চাৰিদিনীয়াকৈ অনুষ্ঠিত 'বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল'ত এই প্ৰতিযোগিতাত ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপৰ মিক্স শাখাত বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক পিচ পেলাই অসমৰ নিশামণিয়ে লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷

উল্লেখ্য যে এই ৱাইণ্ডছাৰ্ফিং খেলবিধ ইতিমধ্যে এছিয়ান গেমছ আৰু অলিম্পিকতো অন্তৰ্ভুক্ত হৈছে ৷ নিশামণিৰ পৰৱৰ্তী লক্ষ্য হৈছে 2026 ৰ এছিয়ান গেমছ ৷ পৰৱৰ্তী পৰ্যায়ত অলিম্পিক খেলাৰ সপোন ৰচিছে জলকন্যা নিশামণি বৰাই ৷

2023ৰ এপ্ৰিলৰ পৰা মেঘালয়ৰ উমিয়াম হ্ৰদত প্ৰথমবাৰলৈ ৱাইণ্ডছাৰ্ফিং খেলৰ প্ৰশিক্ষণ লৈছিল নিশামণিয়ে ৷ ইয়াৰ পিচত মাত্ৰ কেইদিনমানৰ প্ৰশিক্ষণৰ অন্তত অসম চৰকাৰে নৱেম্বৰত দীপৰ বিলত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল, ৰিভিজিটিং শৰাইঘাট ছেইলিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ছেইলৰ হিচাপে অভিলেখ ৰচিবলৈ সক্ষম হৈছিল নিশামণিয়ে ৷ উল্লেখ্য যে 30 এপ্ৰিল তাৰিখে সাগৰৰ বুকুৰ পৰাই খেলৰ পূৰ্বে অসমবাসীৰ আশীৰ্বাদ বিচাৰিছিল সৰুপথাৰ নগাজৰি গাঁৱৰ নিশামণি বৰাই ৷

লগতে পঢ়ক : ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শন অসমৰ নিশামণিৰ - Navy Windsurfing Championship

মহাসাগৰৰ বুকুৰ পৰাই আশীৰ্বাদ বিচাৰিছে অসমৰ নিশামণিয়ে - Navy Windsurfing Championship

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.