Protest in Nalbari: চিকিৎসালয় স্থানান্তৰকৰণক লৈ নলবাৰীত উত্তপ্ত পৰিস্থিতি; প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

By

Published : Feb 11, 2023, 2:16 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

নলবাৰী, 11 ফেব্ৰুৱাৰী: নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় (Shaheed Mukunda Kakati Civil Hospital) স্থানান্তৰ কৰাৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদক কেন্দ্ৰ কৰি শনিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ এফালে AJYCP আৰু আনফালে জিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল ৷ অসামৰিক চিকিৎসালয় স্থানান্তৰ কৰাৰ বিৰোধিতাৰে সমদল বাহিৰ কৰাৰ সময়তে প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী (Shifting of Nalbari Civil Hospital) ৷  

আৰক্ষীয়ে আটক কৰি থানালৈ টানি চোঁচৰাই নিলে কেইবাগৰাকীও প্ৰতিবাদী কংগ্ৰেছকৰ্মীক ৷  জয়ন্তমল্ল বৰুৱা মুৰ্দাবাদ, বিজেপি চৰকাৰ গ’ বেক আদি ধ্বনিৰে কংগ্ৰেছকৰ্মীয়ে উত্তাল কৰি তোলে পৰিস্থিতি ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷  

উল্লেখ্য যে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰকৰণৰ সিদ্ধান্তক লৈ বিগত দুদিন ধৰি উত্তাল হৈ আছে নলবাৰী ৷ শুকুৰবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কংগ্ৰেছে বাহিৰ কৰে প্ৰতিবাদী সমদল (Congress protest in Nalbari) ৷  

অসামৰিক চিকিৎসালয়খন আগৰ স্থানতে ৰখাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ উল্লেখ্য যে, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্ন কৰা হৈছিল শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় ৷ মন কৰিব লগীয়া যে, নলবাৰী সদৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ নিলগত অৱস্থিত নলবাৰী চিকিৎসা মহাবিদ্যালয় ৷ ইতিমধ্যেই চৰকাৰে আৰম্ভ কৰি স্থানান্তৰ প্ৰক্ৰিয়া ৷ ইয়াৰ বিৰোধিতাৰে বিগত দুদিন ধৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷  

আনহাতে প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ নেতা ৰাহুল পাটোৱাৰী আৰু দিব্যজ্যোতি হালৈক থানাৰ ভিতৰত আবদ্ধ কৰি ৰাখে আৰক্ষীয়ে ৷ প্ৰতিবাদী মহিলাকো আটক কৰে আৰক্ষীয়ে (Protesters detained in Nalbari) ৷ কোনো কাৰণতে চিকিৎসালয় স্থানান্তৰ কৰা সিদ্ধান্ত মানি লোৱা নহ’ব বুলি মন্তব্য প্ৰতিবাদকাৰীৰ ৷ 

ইফালে, এই সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, হাজাৰ প্ৰতিবাদ কৰিলেও সলনি নহয় নলবাৰীত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ স্থান (New medical college in Nalbari) ৷ শ্বহীদ মুকুন্দ কাকতিৰ নামেৰে 50 খন বিচনাযুক্ত চিকিৎসাখনো থাকিব একেলগে ৷

লগেত পঢ়ক: New medical college in Nalbari: স্থান সলনি নহয় নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ; স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.