প্ৰশ্নোত্তৰ কৰি থাকি লাভ নাই, পৰেশ বৰুৱা আহিলেই সকলো সমাধান হ’ব: মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 7:47 PM IST

thumbnail

মৰিগাঁও, 24 ডিচেম্বৰ : "পৰেশ বৰুৱা উভতি আহিলেই সকলো সমস্যা শেষ ৷ যেতিয়ালৈকে তেওঁ উভতি নাহিব তেতিয়ালৈকে সমস্যা থাকিবই ৷" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত দেওবাৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

দেওবাৰে জাগীৰোডত উৰণ সেতু মুকলি অনুষ্ঠানত উপস্থিত থাকি শদিয়াৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, কোনো অপ্ৰীতিকৰ পৰিৱেশ হোৱা নাই ৷ ক’তো একো সমস্যা হোৱা নাই ৷ লগতে তিনিচুকীয়ালৈ এবাৰ যাওঁতে ব্যৱসায়ী সকলে ওৰে ৰাতি দোকান খোলাৰ অনুমতি বিচাৰি মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছিল বুলি কয় ৷  

ইফালে এনকাউন্টাৰ সন্দৰ্ভত কোনো মন্তব্য নিদিয়ে বুলি কৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, পৰেশ বৰুৱা উভতি আহিলে সকলো সমস্যা শেষ ৷ যেতিয়ালৈকে তেওঁ উভতি নাহিব তেতিয়ালৈকে সমস্যা থাকিবই ৷  

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই এনকাউন্টাৰ ভুৱা হয় নে নহয় তাৰ বিচাৰৰ বাবে ন্যায়িক তদন্ত হ’ব লাগিব ৷ ইয়াত আকৌ আলফাই আহি সাক্ষী দিব লাগিব ৷ এতিয়া আলফা আহিব নে নাই সেয়া ডাঙৰ কথা বুলি উল্লেখ কৰে তেওঁ ৷ 

লগতে পঢ়ক : শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলীচালনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.