ETV Bharat / state

শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলীচালনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 1:55 PM IST

police firing at three youths in sadiya
শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলীচালনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ

আলফা স্বাধীনৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে অসম আৰক্ষী । শদিয়াৰ তিনি যুৱকক আলফা স্বাধীনলৈ যাত্ৰা কৰাৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰাৰ সন্দৰ্ভত শদিয়া আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক মৃণাল ডেকাই স্পষ্টীকৰণ দিয়ে ৷

শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলীচালনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ স্পষ্টীকৰণ

তিনিচুকীয়া, ২৪ ডিচেম্বৰ: শদিয়াৰ তিনি যুৱকক আলফা স্বাধীনলৈ যাত্ৰা কৰাৰ সময়ত আৰক্ষীয়ে গুলীচালনা কৰাৰ সন্দৰ্ভত শদিয়া আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক মৃণাল ডেকাই এখন সংবাদমেল সম্বোধন কৰে ৷ দেওবাৰে ধলা আৰক্ষী থানাৰ আৰক্ষী অধীক্ষক মৃণাল ডেকাই কয় যে, তিনি যুৱকৰ পৰিয়ালে আলফা স্বাধীনলৈ যোৱাৰ কথা শদিয়াৰ আৰক্ষীক লিখিতভাৱে জনোৱাৰ পাচতহে আৰক্ষীয়ে তিনি যুৱকৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ শনিবাৰে জাগুনৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানত তিনি যুৱকে লৈ যোৱা মাৰুতি বাহনখন ৰাখি আলফা (স্বাধীন)ত যোগদান কৰিবলৈ গৈছোঁ বুলি পৰিয়ালক ফোনযোগে তেওঁলোকে জনাইছিল ৷ যুৱককেইজনে ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ হৈছে AS23 E3228 ৷

তাৰ পাচতে ততাতৈয়াকৈ শদিয়া আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যোৱা শদিয়াৰ তিনি যুৱকক শনিবাৰে মাজনিশা অৰুণাচল প্ৰদেশৰ খাৰচাঙত আটক কৰিবলৈ সক্ষম হয় । কিন্তু খাৰচাঙত আটক হোৱাৰ পাচত দেওবাৰে পুৱতি নিশা ধলাৰ হাঁহখাটিত তিনি ধৃত যুৱকে আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে বুলি শদিয়াৰ আৰক্ষী অধীক্ষক মৃণাল ডেকাই সদৰী কৰে ৷

ভৰিত আঘাতপ্ৰাপ্ত শদিয়াৰ তিনি যুৱক ক্ৰমে নিজৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই, মিলন নগৰৰ নবীন নেওগ (দ্বীপজ্যোতি) আৰু শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁই । পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিয়ালক অৱগত কৰাৰ লগতে তিনি যুৱকক চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যদিও উন্নত চিকিৎসাৰ বাবে তিনিও যুৱকক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান তিনিও যুৱক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীৰ কঠোৰ বেহু ফালি ইজনৰ পিচত সিজনকৈ অসমীয়া যুৱকে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাঃ)লৈ গতি কৰিছে ৷

লগতে পঢ়ক: আলফা (স্বাঃ)ৰ সমৰ্থনত ফেচবুক পোষ্ট দি গ্ৰেপ্তাৰ এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.