দুহোজাৰৰো অধিক খেলুৱৈৰ অংশগ্ৰহণৰে নাহৰকটীয়াত সামৰণি পৰিল খেল মহাৰণৰ

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 5:35 PM IST

thumbnail

ডিব্ৰুগড়, 18 ডিচেম্বৰ : গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিচাৰি উলিওৱাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে অনুষ্ঠিত হৈছে খেল মহাৰণ । ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা খেল মহাৰণ ২০২৩ ক লৈ প্ৰতিভাৱান খেলুৱৈসকলৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উছাহ । বিগত ৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা নাহৰকটীয়া সমষ্টিভিত্তিত খেল মহাৰণ দেওবাৰে সামৰণি পৰে । ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত এই খেলমহাৰণ ২০২৩ ত নাহৰকটীয়া সমষ্টিৰ ১৪খন পঞ্চায়তৰ প্ৰায় ২৫০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।

মূলতঃ খোখো, কাবাদী, ফুটবল, ভলীবল, এথলেটিকছ আদি প্ৰতিযোগিতাত নিৰ্বাচিত ৫০০ গৰাকী খেলুৱৈৰ মাজত দেওবাৰে নিশালৈকে অনুষ্ঠিত হয় চূড়ান্ত প্ৰতিযোগিতা । নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই চূড়ান্ত প্ৰতিযোগিতাত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে । উল্লেখ্য যে, এই সমষ্টি পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাৰ নিৰ্বাচিত খেলুৱৈসকলে জিলা পৰ্যায়ত হ’ব লগা খেল মহাৰণৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব । ৰাজ্যৰ চুকে-কোণে সিঁচৰতি হৈ থকা ক্ৰীড়া প্ৰতিভা সমূহক উলিয়াই আনিবলৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা খেল মহাৰণৰ এই বিশেষ পদক্ষেপ লোৱাত বিধায়ক তৰংগ গগৈয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : জোনাই বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণৰ সামৰণি অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.