জোনাই বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণৰ সামৰণি অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:11 PM IST

thumbnail

জোনাই, 11 ডিচেম্বৰ : 3 ডিচেম্বৰৰ পৰা চিমেন চাপৰিত আৰম্ভ হোৱা জোনাই বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণৰ সোমবাৰে সামৰণি পৰে ৷ পুৱা 9.30 বজাৰ পৰা চিমেন চাপৰি সতীশ বসুমতাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ল'ৰাৰ 19 বছৰ অনুৰ্ধ ফুটবলত চিলাপথাৰ নগৰ সমিতি একাদশে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে আৰু ৰানাৰ্ছ আপ হয় মিছামৰা গাঁও পঞ্চায়ত একাদশ ৷  

ল'ৰাৰ 19 বছৰ অনুৰ্ধ ভলীবলত মিছামৰা গাঁও পঞ্চায়ত চেম্পিয়ন হয় আৰু ৰানাৰ্ছ আপ হয় ৰামধন দিখাৰী গাঁও পঞ্চায়ত ৷ ছোৱালীৰ 19 বছৰ অনুৰ্ধ কাবাডীত লাইমেকুৰী গাঁও পঞ্চায়ত চেম্পিয়ন আৰু ৰানাৰ্ছআপ হয় অকাজান গাঁও পঞ্চায়ত ৷ দিনৰ 11 বজাত খেল মহাৰণৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ৷  

আয়োজক সমিতিৰ সম্পাদক দ্বীপেন বৰুৱাই আঁতধৰা অনুষ্ঠানত জোনাইৰ বিধায়ক ভূৱন পেগু, জোনাইৰ মহকুমাধিপতি শান্তনু গগৈ, মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া চন্দ্ৰমা দাস, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, সদস্যা শোভাৰাণী বসুমতাৰী, আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি মলেন্দ্ৰ নাৰ্জাৰী উপস্থিত থাকে ৷ উপস্থিত অতিথি সকলে সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য যে, জোনাই বিধানসভা সমষ্টি ভিত্তিত এই খেল মহাৰণ চিমেন চাপৰি মিনি ষ্টেডিয়াম, চিমেন চাপৰি মহাবিদ্যালয় আৰু চিমেন চাপৰি এছ বি বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছিল ৷ 

লগতে পঢ়ক : খীৰতী গাইত পৰিণত দলগাঁও সমষ্টিৰ এম জি এনৰেগা আঁচনি !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.