খীৰতী গাইত পৰিণত দলগাঁও সমষ্টিৰ এম জি এনৰেগা আঁচনি !

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 5:54 PM IST

thumbnail

দলগাঁও, ১১ ডিচেম্বৰ : দলগাঁও সমষ্টিৰ বহু পঞ্চায়তত এম জি এনৰেগা আঁচনিখন খীৰতী গাইত পৰিণত হৈছে ৷ কিয়নো এম জি এনৰেগা আঁচনিৰ কামৰ নামত সৰ্বত্ৰে ব্যাপক অনিয়ম আৰু লুন্ঠনৰ ছবি স্পষ্ট হৈছে ৷ ইয়াৰে জলন্ত উদাহৰণ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰিমাৰি গাঁও পঞ্চায়তৰ ৩৮ লাখ টকীয়া এখন আঁচনি ৷ এই অভিযোগ দলগাঁওবাসীৰ ৷

দলগাঁওবাসীয়ে উল্লেখ কৰা অনুসৰি, ২০২১-২২ বৰ্ষত Raist Plateform at Kharoni Chapari Kacha road নামৰ আঁচনিখনৰ বাবদ বিভাগে আৱন্টন দিয়ে ৩৮৩১৪৭৫ লাখ টকা । প্ৰাককলন উলংঘা কৰি ৩৮৩১৪৭৫ টকীয়া আঁচনিখনৰ নামত বালি মেচিনেৰে ৮ ফুট ওখ ভেঁটিৰ পৰিৱৰ্তে মাত্ৰ ২৩ ফুট ওখকৈ কিছু‌ বালি পেলায়েই দায়িত্ব সামৰে ঠিকাদাৰে ৷ ফলত উক্ত আঁচনিখন ৰূপায়ণৰ নামত‌ মোকলাই দিয়া ধন আৰু কামৰ‌ মাজত মিল দেখা পোৱা নাই ৰাইজে ।

ৰাইজে উল্লেখ কৰা অনুসৰি, আঁচনিখনৰ নামত ইতিমধ্যে মোকলাই দিয়া হৈছে ২৫ লাখ টকা । ২৫ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা কামৰ নমুনাই এতিয়া চকু কঁপালত ‌তুলিছে‌ স্থানীয় ৰাইজৰ । অৰ্থাৎ ৩৮৩১৪৭৫ লাখ টকীয়া আঁচনিখনৰ পৰা চৰাঞ্চলৰ কোনো এজন লোক উপকৃত নহয় বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে একাংশ ৰাইজে ।

লগতে পঢ়ক : দালালৰাজ! ধান ক্ৰয়ৰ নামত দ্ৰৰিদ্ৰ কৃষকক প্ৰবঞ্চনা অসাধু ব্যৱসায়ীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.