গৰু সৰবৰাহক কেন্দ্ৰ কৰি শিৱসাগৰত সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 1:00 PM IST

thumbnail

শিৱসাগৰ,১৬ ডিচেম্বৰ: শিৱসাগৰৰ শলগুৰিত পুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । গৰুৰ চোৰাং সৰবৰাহৰ সন্দেহত এজনক প্ৰহাৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । AS-04 AC-9363 নম্বৰৰ গৰু সৰবৰাহ কৰা বাহনখনৰ চালক মুস্তাফা আলি নামৰ লোকজনক প্ৰহাৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বাহনখনত ৭ টা গৰু নামতি অভিমুখে কঢ়িয়াই নিছিল চালকজনে ।  

আনহাতে একেটা দলেই ১৮ টা গৰু খোজ কঢ়াই নি থকা ব্যক্তিকো প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে পশুধনখিনি জব্দ কৰি বৈধ নে অবৈধ নথি-পত্ৰ পৰীক্ষা কৰে যদিও উক্ত বাহনখনত ৭ গৰু যে কঢ়িয়াই নিব নালাগে সেয়া স্পষ্ট কৰিছে পশুপালন বিভাগে । ইপিনে গৰুকেইটা নি থকা অৱস্থাত বাটত আগভেটা দি প্ৰহাৰ কৰাকলৈ থানাত এজাহাৰ দাখিল কৰিছে প্ৰহৃত চালক মুস্তাফা আলিয়ে । ঘটনা সন্দৰ্ভত বৰ্তমানে আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ।  

লগতে পঢ়ক: অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কঠোৰ হৈছে তামুলপুৰৰ বন বিভাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.