Voters party International: চৰকাৰৰ অমনোযোগিতাৰ বাবে অসমৰ নাগৰিকে পোৱা নাই নাগৰিক ভাট্টা : ভোটাৰ্ছ পাটী

By

Published : May 9, 2023, 10:46 PM IST

thumbnail

গুৱাহাটী, ৯ মে’: "আৰ্থিকভাৱে পিচপৰা সমাজত  জনসংখ্যাৰ বিস্ফোৰণ হয়। সেয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰে ভোটাৰশ্বিপ প্ৰদানৰ ক্ষেত্ৰত অৱহেলা কৰি জনসংখ্যা বিস্ফোৰণত সাৰপানী যোগান ধৰিছে ।" এই অভিযোগ উত্থাপন কৰিছে ভোটার্চ পাটী ইন্টাৰনেশ্যনেল ,অসমৰ ৰাজ্যিক সভাপতি ললিত পেগুে (Voters party International)। 

অসমৰ সমাজ জীৱনৰ বিভিন্ন সমস্যাৰ সামাধানৰ দাবীৰে ভোটাৰ্চ পাটীৰ ইণ্টাৰনেশ্যনেলৰ অসম ৰাজ্যিক সমিতিয়ে যোৱা ৭ মে’ৰ পৰা গুৱাহাটীৰ চচলত অব্যাহত ৰাখিছে এমাহ যোৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী( citizen allowance due to negligence of government )। আজিৰ তৃতীয় দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা দুই শতাধিক পুৰুষ মহিলাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।  

এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ৰাজ্যিক সভাপতি ললিত পেগু আৰু মুখপাত্র পবিত্র বড়োৱে কয় যে, সমাজৰ পৰা কুসংস্কাৰ, সামাজিক ব্যাধি, দুৰ্নীতি, নিবনুৱা সমস্যা আৰু জন বিস্ফোৰণ ৰোধ কৰিবলৈ চৰকাৰে ভোটাৰশ্বিপ মন্ত্ৰক গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন । তেওঁ লগতে কয়, দেশৰ ১৩৭ গৰাকী সাংসদৰ দাবীক ২০১১ চনৰ ২ ডিচেম্বৰ তাৰিখে সংসদীয় গোৱেল সমিতিয়ে মান্যতা প্ৰদান কৰিছিল । ড৹ ভৰত ঝুনঝুনৱালা আৰু ড৹ সুভাষ কাশ্যপৰ দৰে বিদ্যা ন নিদ অর্থশাস্ত্ৰ বিদ ,সংবিধান বিশেষজ্ঞই সমর্থন জনাইছিল ।  

কিন্তু এই সম্পর্কে নিমাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ । কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অমনোযোগিতাৰ বাবেই অসমৰ নাগৰিকে নাগৰিক ভাট্টা পোৱা নাই বুলি অভিযোগ উত্থাপন কৰি এক প্রগতিশীল আর্থিক গণতান্ত্রিক সমাজ স্থাপন কৰিবলৈ "নাগৰিক ভাট্টা" বা "ভোটাৰশ্বিপ" প্ৰদানৰ দাবী জনায় । দেশৰ নাগৰিকক প্ৰকৃত নাগৰিক সজোৱাৰ বিপৰীতে হিতাধিকাৰী সজাই বিভ্রান্ত কৰাতকৈ সাংবিধানিক আইন প্রনয়ণ আৰু প্ৰতিমাহে ন্যূনতম অর্থনৈতিক সমতা দিবলৈ ভোটাৰশ্বিপৰ বিষয়ত অনতিপলমে কার্যব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীক আহ্বান জনায় ।

লগতে পঢ়ক: 2nd anniversary of Himanta govt: দুবছৰৰ শাসনকালত কি কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.