Chutia Yuva Sanmilan Assam: জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে কৰা প্ৰতাৰণাৰ উচিত প্ৰতিফল দিবলৈ সাজু চুতীয়া যুৱ সন্মিলন

By

Published : Aug 13, 2023, 7:39 PM IST

thumbnail

ধেমাজি, 13 আগষ্ট : সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ চুতীয়া যুৱ সন্মিলনৰ ৷ দেশৰ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰনৰ চূড়ান্ত তালিকাত উত্তৰ অসমৰ দুটাকৈ সমষ্টি ৰঙানদী আৰু চিচিবৰগাওঁ সমষ্টি সংৰক্ষণমুক্ত কৰাৰ বাবে নিৰ্বাচন আয়োগ, চৰকাৰক ধন্যবাদ জনায় চুতীয়া যুৱ সন্মিলনৰ নেতৃত্বই ৷

ধেমাজিত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে চুতীয়া যুৱ সন্মিলন অসমৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াই ৷ ইফালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেতাজনে ৷ আগন্তুক সময়ত ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ বাবে চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সমগ্ৰ চুতীয়া জনগোষ্ঠীয়ে সাজু হৈছে বুলি কয় তেওঁ ৷ 

তেওঁ কয় যে চৰকাৰে চুতীয়া জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা কথা পাহৰিলে ৷ চৰকাৰে কৰা এই প্ৰতাৰণা আগন্তুক দিনত ভোগ কৰিব লাগিব বুলি সকীয়নি দিয়ে নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাক নামানে সদৌ তিৱা ছাত্ৰ সন্থাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.