চিৰাঙত টকা নিদিয়াৰ বাবেই চৰকাৰী ঘৰৰ পৰা বঞ্চিতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 8:25 PM IST

thumbnail

চিৰাং, ২৫ ডিচেম্বৰ : চিৰাঙৰ দুৰ্নীতিগ্ৰস্ত ভিচিডিচিৰ ৰোষত পৰিছে দৰিদ্ৰ গঞা । চৰকাৰী ঘৰ দিয়াৰ নামত টকা লৈ ঘৰ নিদিয়াৰ অভিযোগ । আনহাতে, ইউপিপিএল দলত নথকা লোকক গৃহ নিৰ্মাণৰ আধা টকা অনাদায় কৰি ৰাখিছে বিগত এটা বছৰে । যি কথাই যেন প্ৰমাণ কৰিলে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ অভিযোগ ।

উল্লেখ্য যে ইউপিপিএলৰ সভালৈ নগ'লে চৰকাৰী ঘৰ নাপায় বুলি অভিযোগ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে । তাৰেই প্ৰমাণ হৈছে চিৰাং জিলাৰ ভিৰানগাঁও ভিচিডিচিৰ অন্তৰ্গত নেপালপাৰা গাঁৱৰ এই দৃশ্য । আনহাতে, ভুক্তভোগী হিতাধিকাৰীসকলে জনালে নিজৰ মনৰ কথা । তেওঁলোকৰ মতে, প্ৰতিটো চৰকাৰী ঘৰৰ বাবদ টকা দিব লাগে ভিৰেনগাঁও ভিচিডিচিৰ সভাপতি কমল বসুমতাৰী আৰু ভিচিডিচিখনৰ নেপালপাৰা গাঁৱৰ সদস্য জামাল উদ্দিনক ।

এক প্ৰকাৰ যেন 'টকা দিয়ক, চৰকাৰী ঘৰ লওক' আঁচনিহে ! উল্লেখ্য যে দুৰ্নীতি নিৰ্মূল কৰাৰ শ্লোগান দিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপপিপিএল-শাসিত বিটিআৰৰ চিৰাং জিলাৰ ভিৰানগাঁও ভিচিডিচিৰ নেপালপাৰা গাঁৱৰ পৰিস্থিতি হৈছে এয়া । অভিযোগ অনুসৰি, ইউপিপিএল দলত থাকিলেহে ঘৰ পায় । কিন্ত গাঁৱৰ সাধাৰণ দৰিদ্ৰ, অশিক্ষিত এইসকল লোকে বুজি নাপায় ক'লৈ গ'লে কি হ'ব ? বঞ্চিত হিতাধিকাৰীয়ে অভিযোগ কৰা অনুসৰি, বিপিএফৰ সভালৈ যোৱাৰ বাবেই টকা দিয়াৰ পিচতো তেওঁ ঘৰ নাপালে ।

আনহাতে, কেইবাজনো হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবদ টকা দিয়াত আধা টকা পাইছে যদিও আধা টকা বিগত এবছৰে পোৱা নাই বুলি অভিযোগ কৰে । এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এইদৰেই নিৰ্মূল হ'বনে বিটিআৰৰ পৰা দুৰ্নীতি ? তাৰ বিপৰীতে সৰিয়হৰ ডুলিতেই যেন ভূত ওলাইছে । উল্লেখ্য যে ইউপিপিএল নেতৃত্বই বিটিআৰৰ পৰা দুৰ্নীতি নিৰ্মূলৰ কথা কয় যদিও ভিচিডিচি পৰ্যায়ত কি চলি আছে তাৰ সঠিক তদন্ত কৰিব লাগে ইউপিপিএল নেতৃত্বই ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.