গঁড়ৰ খৰ্গই নহয়, চেঙেলি মাছৰো আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত আছে ভাল দৰ

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 8:10 PM IST

thumbnail

ডিব্ৰুগড়, 21 ডিচেম্বৰ : বৃহস্পতিবাৰে ডিব্ৰুগড় বন বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় অসমত গাঁৱে-ভূঞে সহজলভ্য কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুষ্প্ৰাপ্যৰূপে বিবেচিত চেঙা মাছ বা চেঙেলি মাছ (Channa Barca) ৷ এক গোপন খবৰৰ তথ্যৰ ভিত্তিত ডিব্ৰুগড় বিমানবন্দৰত ৭০০ টাকৈ চেঙা মাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে । ইণ্ডিগ' বিমানেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লোৱা সময়তে বন বিভাগে জব্দ কৰে মাছখিনি ।

তিনিচুকীয়া জিলাৰ গুইজানৰ পৰা কলকাতালৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতে জব্দ হৈছে এই বৃহৎ পৰিমাণৰ মাছখিনি । এই মাছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 4.5 কোটি বুলি জানিব পৰা গৈছে । এই মাছ সৰবৰাহত জড়িত দুজন লোকক ইতিমধ্যে আটক কৰি জেৰা অব্যাহত ৰাখিছে ডিব্ৰুগড়ৰ বন বিভাগে । তিনিচুকীয়াৰ গুইজানৰ পৰা শ্ৰীধাম চৰকাৰ, যদু চৰকাৰ নামৰ দুজন ব্যৱসায়ীয়ে মাছখিনি ইণ্ডিগ’ বিমানৰ জৰিয়তে নিবলৈ চেষ্টা কৰিছিল ।

তথ্য অনুসৰি, কলকাতাৰ চৌধুৰী এণ্টাৰপ্ৰাইজ নামৰ এটা কোম্পানীৰ জৰিয়তে তিনিচুকীয়া গুইজানৰ দুজন ব্যৱসায়ীয়ে মাছখিনি বিমানেৰে নিয়াৰ চেষ্টা কৰিছিল । উজনিৰ বিভিন্ন ঠাইৰ পৰা এটা চেঙা মাছ 40 ৰ পৰা 80 টকা দৰত ক্ৰয় কৰি কলকাতা পোৱাৰ পাচতে ইন্দোনেছিয়া, জাপান, চীন, মালয়েছিয়াকে ধৰি বিদেশী ৰাষ্ট্ৰলৈ সৰবৰাহ হয় বুলি ধৃত দুই সৰবৰাহকাৰীয়ে জানিবলৈ দিয়ে । সমগ্ৰ ঘটনাক লৈ ডিব্ৰুগড়ৰ বন বিভাগে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : লাইন হোটেলৰ সমুখত খাল খান্দি অবৈধ পাৰ্কিং ৰোধৰ চেষ্টা কলিয়াবৰ মহকুমা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.