ETV Bharat / state

লাইন হোটেলৰ সমুখত খাল খান্দি অবৈধ পাৰ্কিং ৰোধৰ চেষ্টা কলিয়াবৰ মহকুমা প্ৰশাসনৰ

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 7:37 PM IST

Updated : Dec 21, 2023, 7:49 PM IST

NH 37 in Kaliabor
unauthorised parking place beside NH 37

Eviction drive: অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে কলিয়াবৰত প্ৰশাসনৰ অভিযান ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চলে এই উচ্ছেদ অভিযান ৷

কলিয়াবৰত প্ৰশাসনৰ অভিযান

কলিয়াবৰ, 21 ডিচেম্বৰ: কলিয়াবৰত মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে অভিযান চলালে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ হাৰমতি এলেকাত চলে এই অভিযান ৷

উল্লেখ্য যে, কাজিৰঙাত গধুৰ বাহনৰ পাৰ্কিঙত বাধা আছে ৷ স্বয়ং উচ্চতম ন্যায়লয়ৰ নিৰ্দেশনা আছে গধুৰ বাহনৰ পাৰ্কিঙৰ বিৰুদ্ধে ৷ কিন্তু, কাজিৰঙাৰ একাংশ লাইন হোটেলত প্ৰায়ে ৰখোৱা হয় গধুৰ যান-বাহন ৷ যাৰ বাবে বৃহস্পতিবাৰে অভিযান চলাই কলিয়াবৰ মহকুমা প্ৰশাসনে ৷

কাজিৰঙাৰ হাৰমতি এলেকাত কলিয়াবৰ মহকুমা প্ৰশাসনে পাৰ্কিঙৰ বিৰুদ্ধে অভিযান চলায় । হাৰমতি এলেকাৰ লাইন হোটেলৰ সন্মুখৰ ভূমিত কলিয়াবৰ মহকুমা প্ৰশাসনে পাৰ্কিঙৰ স্থানত খান্দিলে ড্ৰেইন । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নলা খান্দিবলৈ চলালে এস্কেভেটৰ ।

ইফালে স্থানীয় লোকৰ অভিযোগ অনুসৰি, কোনো ধৰণৰ আগতীয়া জাননী প্ৰেৰণ নকৰাকৈ কাজিৰঙাৰ শতাধিক হোটেলৰ সন্মুখত প্ৰশাসনে খান্দিছে ড্ৰেইন ৷ যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকৰ অহা-যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাৰ উপৰিও নিশা লাইন হোটেল সমূহৰ লাইট বন্ধ কৰি ৰখাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে মহকুমা প্ৰশাসনে ।

উল্লেখ্য যে উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুযায়ী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বাগৰি তথা অন্য জীৱ-জন্তুৰ ক’ৰিডৰ অঞ্চলত ইতিমধ্যে ১৪৪ ধাৰা বলৱৎ কৰা হৈছে ৷ তাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰৰ মহকুমাধিপতিৰ নেতৃত্বত মহকুমা আৰক্ষী বিষয়া আৰু যান-বাহন আৰক্ষী বিষয়াসকলৰ সৈতে যুটীয়াভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে পৰিদৰ্শনৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা অবৈধ যান-বাহনসমূহৰ পাৰ্কিঙৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয় ৷ সংশ্লিষ্ট কৰ্তৃপক্ষক উচ্চতম ন্যায়লয়ৰ আদেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: সমষ্টি এটাত সাংসদ অথবা বিধায়ক থাকিলেও আন নেতাই প্ৰাৰ্থিত্ব বিচাৰিব পাৰে: প্ৰশান্ত কুমাৰ শইকীয়া

Last Updated :Dec 21, 2023, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.