Rangmahal Water Supply Project in Guwahati: ১৩ জনীয়া সাংসদ দলৰ ৰংমহল পানী যোগান প্ৰকল্প পৰিদৰ্শন

By

Published : Jul 5, 2023, 11:08 PM IST

thumbnail

গুৱাহাটী, 5 জুলাই : বুধবাৰে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত ১৩ জনীয়া সাংসদৰ দল এটি দিল্লীৰ পৰা উপস্থিত হয় ৰংমহল পানী যোগান প্ৰকল্পত । ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ব্যয় বহুল আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডল অধীনৰ ৰংমহল পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰি বুজ ল’লে কেন্দ্ৰীয় সাংসদৰ দলটিয়ে ।

৩৫ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰা ৰংমহল পানী যোগান প্ৰকল্পৰ পৰা দৈনিক ৪৫০ কিউবিক মিটাৰ পানী যোগান ধৰা হৈছে চাংসাৰীস্থিত এইমচ গুৱাহাটীত । তামিলনাডুৰ সাংসদ ডঃ কে জয়া কুমাৰৰ নেতৃত্বত অহা সংসদীয় দলৰ লগত সহযোগ কৰে জল জীৱন মিছনৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে ।

জল জীৱন আঁচনি প্ৰকল্পটো পৰিদৰ্শন কৰি সংসদীয় দলটোৱে প্ৰকাশ কৰে যে উন্নত ফিল্টাৰৰ জৰিয়তে পানী শোধন কৰা হৈছে । জল জীৱন মিছনৰ সম্পৰ্কত সংসদীয় টিমে কয় যে আৰম্ভণিতে চালুকীয়া হৈ থকা জল জীৱন মিছন এতিয়া ৪৭ শতাংশ কাৰ্যকৰী অৱস্থা লৈ উন্নীত হৈছে ৷

লগতে পঢ়ক : Maha Jan Sampark Abhiyan:গুৱাহাটীত বিশিষ্ট নাগৰিকৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.