Central Minister Kiren Rijiju: বিল্বেশ্বৰ দেৱালয়ত আশিস গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

By

Published : May 23, 2023, 6:26 PM IST

thumbnail

নলবাৰী, ২৩ মে' : মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (central minister Kiren Rijiju Nalbari visit) । মন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাত উপস্থিত হৈ প্ৰথমতে বেলশৰস্থিত ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত উপস্থিত হৈ বাবাৰ আশিস লয় (Kiren Rijiju at Bilweswar Dewalaya Nalbari) । বিল্বেশ্বৰত আশিস লৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে ।

কেন্দ্ৰীয় ভূবিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজুৱে ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত আশিস লৈ মনত প্ৰশান্তি অনুভৱ কৰা বুলি প্ৰকাশ কৰে । লগতে তেওঁ কয় যে বিল্বেশ্বৰ দেৱালয়ৰ মাহাত্ম্যৰ বিষয়ে তেওঁ পূৰ্বতে জ্ঞাত নাছিল (central earth sciences minister Kiran Rijiju) । উল্লেখ্য যে, এক ৰাজনৈতিক সভাৰ প্ৰাকমুহূৰ্তত প্ৰসিদ্ধ দেৱালয়খনৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি সকলোৰে মংগল কামনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, অশান্ত মণিপুৰৰ শান্তি-শৃংখলা সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল মণিপুৰতেই নহয়, বৰ্তমান সমগ্ৰ উত্তৰ-পূবতে এতিয়া শান্তি বিৰাজ কৰি আছে । বিল্বেশ্বৰ দেৱালয়ত আশীৰ্বাদ গ্ৰহণৰ পিচত মন্ত্ৰী কিৰেণ ৰিজিজু চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত অনুষ্ঠিত এখন সভাত অংশ ল'বলৈ ৰাওনা হয় ।

উল্লেখ্য যে, এক ৰাজনৈতিক পৰিঘটনাত বিগত সপ্তাহত অৰুণাচলৰ সাংসদগৰাকীক পূৰ্বৰ কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পৰা অপসাৰণ কৰা হয় । তেওঁক ভূমিজ্ঞান বিভাগৰ নতুন দায়িত্ব অৰ্পণ কৰা হয় । শেহতীয়াভাৱে দেশৰ ন্যায়ালয় ব্যৱস্থা আৰু ন্যায়াধীশৰ ওপৰত কৰা মন্তব্যৰ বিতৰ্কত সাঙোৰ খাই পৰে কিৰেণ ৰিজিজু । তাৰ পৰিপ্ৰেক্ষিততে তেওঁক আইন মন্ত্ৰালয়ৰ দায়িত্বৰ পৰা আঁতৰোৱা বুলি চৰ্চা চলিছে ।

লগতে পঢ়ক :UPSC result 2022 : UPSC পৰীক্ষাত পঞ্চম স্থান দখল অসমৰ ময়ুৰ হাজৰিকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.