CBI interrogates Leena Doley : আজি CBI ৰ জেৰাৰ সন্মুখীন হ'ব আৰক্ষী অধীক্ষক লীনা দলে

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 11:39 AM IST

thumbnail

নগাঁও, 7 অক্টোবৰ : শনিবাৰে পুৱাৰ ভাগতে নগাঁৱত উপস্থিত হয় হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলে । নগাঁৱত চিবিআইৰ জেৰাৰ সন্মুখীন হ’ব আৰক্ষী অধীক্ষক লীনা দলে । ইতিমধ্যে নগাঁও পুলিচ গেষ্ট হাউছত উপস্থিত হৈছে বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষকগৰাকী ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰখা চিবিআইৰ এটা দল উপস্থিত আছে নগাঁও আৱৰ্ত ভৱনত । নগাঁও আৱৰ্ত ভৱনতেই চিবিআইয়ে জেৰা চলাব নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেক । এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষকগৰাকী ।

আনকি জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই পৰিছিল আৰক্ষী অধীক্ষক লীনা দলেৰ নাম । চিবিআইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰাৰ পিচতো লীনা দলেক জেৰা কৰা নকৰাক লৈ সৰৱ চর্চা আৰম্ভ হৈছিল সামাজিক মাধ্যমত । অৱশেষত নগাঁও আৱৰ্ত ভৱনত থকা চিবিআইৰ দলৰ জেৰাৰ সন্মুখীন হ’বলৈ নগাঁৱত উপস্থিত হৈছে আৰক্ষী অধীক্ষক লীনা দলে ।

লগতে পঢ়ক : CBI interrogates Runa Neog : CBI ৰ জেৰাৰ সন্মুখীন লখিমপুৰ জিলাৰ তদানীন্তন ASP ৰুণা নেওগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.