CBI team in Nagaon: নগাঁৱত CBI ৰ দল; ভেদ হ’ব নে জোনমণিৰ মৃত্যুৰ ৰহস্য !

By

Published : Jun 15, 2023, 8:55 PM IST

thumbnail

নগাঁও, 15 জুন: অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ নগাঁৱত উপস্থিত চি বি আইৰ দল । বৃহস্পতিবাৰে পুৱাই চি আই ডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পিচত বিয়লি চি বি আইৰ দলটো উপস্থিত হয় জোনমণি ৰাভাৰ দুৰ্ঘটনা সংঘটিত হোৱা জখলাবন্ধাৰ সৰুভগীয়াত । দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰি দলটো উপস্থিত হয় নগাঁও আৱৰ্ত ভৱনত । নিশা অথৱা শুকুৰবাৰে চি বি আইৰ দলটোৱে কেইবাগৰাকীও আৰক্ষীক জেৰা কৰাৰ সম্ভাৱনা আছে । 

বিশেষকৈ প্ৰয়াত এছ আই জোনমণি ৰাভা কৰ্মৰত হৈ থকা মৰিকলং আৰক্ষী চকীৰ আৰক্ষীৰ ভাষ্য গ্ৰহণৰ সম্ভাৱনা আছে । লগতে এছ জোনমণি ৰাভাৰ মৃত্যুত নাম সাঙোৰ খাই পৰা আৰক্ষী বিষয়াসকলকো চি বি আইৰ দলটোৱে জেৰা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । উল্লেখযোগ্য যে, এছ জোনমণি ৰাভাৰ মৃত্যুৰ ইতিমধ্যেই তদন্ত কৰিছে অসম আৰক্ষীৰ অনুসন্ধান শাখা চি আই ডিয়ে । এতিয়া বিভিন্ন মহলৰ ধাৰণা চি বি আইৰ তদন্তত পোহৰলৈ আহিব এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক: Junmoni Rabha death case: জোনমণিৰ মৃত্যুৰ তদন্ত কৰিবলৈ কলিয়াবৰ উপস্থিত CBIৰ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.