Road Accident in Guwahati: মহানগৰীৰ খানাপাৰাত গভীৰ খাৱৈত বাগৰি পৰিল চাৰিচকীয়া বাহন

By

Published : May 28, 2023, 10:01 PM IST

thumbnail

গুৱাহাটী, 28 মে’: মহানগৰীৰ খানাপাৰাত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰিল এখন চাৰিচকীয়া বাহন ৷ কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালকৰ (Road Accident at Khanapara in Guwahati) ৷  

জানিব পৰা মতে AS 01 BM 7996 চাৰিচকীয়া বাহনখনে খানাপাৰাৰ পৰা যোৰাবাট অভিমুখে গৈ থাকোঁতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ফলত ৰাষ্টীয় ঘাইপথৰ পৰা প্ৰায় 100 ফুট তলত সোমাই পৰে বাহনখন ৷ বাহনখনত অন্য কোনো যাত্ৰী নাছিল যদিও চালকজন কিছু পৰিমানে আহত হয় (Road Accident at Khanapara) ৷

পিছলৈ ঘটনাস্থলীত দিশপুৰ আৰু বশিষ্ঠ আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় চালক বিপুল কুমাৰ খাটনিয়াৰক ৷ লগতে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰষ্ট বাহনখন দ খাৱৈৰ পৰা উদ্বাৰ কৰে ৷ ঘটনাক কেন্দ্ৰ কৰি প্ৰায় এঘন্টা ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথত (Road Accident in Guwahati) ৷

লগতে পঢ়ক: Moving vehicle caught fire: বঙাইগাঁৱত ৰাজপথতে জ্বলি উঠিল চলন্ত বাহন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.