Kalgachia Bus Accident:কলগাছিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা, অতি সংকজনক অৱস্থা এজনৰ

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:35 PM IST

thumbnail

জনিয়া, 29 ছেপ্টেম্বৰ :  বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াৰ ৰেডিয়েন্স একাডেমীৰ কাষত শুকুৰবাৰৰ সন্ধিয়া এক ভয়ংকৰ বাছ-দুৰ্ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে, কলগাছিয়াৰ পৰা বামুনটাৰী অভিমুখে গৈ থকা তীব্ৰ বেগী AS-19-AC-3181 নম্বৰৰ আৰাফাত নামৰ এ চি বাছখনে বিপৰীত দিশৰ পৰা আহি থকা AS-15-U-9374 নম্বৰৰ এখন য়ামাহা এফ জেট বাইকত খুন্দা মাৰি পলায়ন কৰিবলৈ চেষ্টা কৰে । বাইক আৰোহী মাজিদুৰ ৰহমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

বাছখনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোতেই আন এখন চাৰিচকীয়া ৰখাই থোৱা বাহনত খুন্দা মাৰে ৷ তাৰ পিচতেই বাছ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । আনহাতে আহত মাজিদুৰ ৰহমানক স্থানীয় ৰাইজে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । অৱস্থা অধিক সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ।

লগতে পঢ়ক : Tragic road mishap: ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.