Burmese supari seized:মৈৰাবাৰীত জব্দ অবৈধভাৱে কঢ়িয়াই অনা বাৰ্মিজ চুপাৰী

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 7:20 PM IST

thumbnail

ধিং, 13 ছেপ্টেম্বৰ : মৈৰাবাৰীত জব্দ এক ট্ৰাক বাৰ্মিজ চুপাৰী ৷ যোৱা নিশা মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী দলে মৰিগাঁৱৰ পৰা মৈৰাবাৰী বজাৰলৈ আহি থকা অৱস্থাত এক ট্ৰাক বাৰ্মিজ চুপাৰী জব্দ জৰে ।

উল্লেখ্য যে, ধিং ধুপগুৰিৰ এটা বৃহৎ বাহিনীয়ে দীৰ্ঘদিন ধৰি আৰক্ষীক অন্ধকাৰত ৰাখি এই ব্যৱসায় চলাই আহিছিল । এই চক্ৰটোৱে ডিমাপুৰৰ পৰা বাৰ্মিজ চুপাৰী ক্ৰয় কৰি নগাঁও, মৰিগাঁও জিলাৰ মৈৰাবাৰী, লাহৰীঘাট, ভুৰাগাঁও, মায়ং, জাগীৰোড, মিকিৰভেটাকে ধৰি মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অতি গোপনে বিক্ৰী কৰে । আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ড্ৰাইভাৰজনক ৷ অবৈধ বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাকখন ডিমাপুৰৰ পৰা আনিছিল বুলি সন্দেহ কৰা হৈছে ।

আৰক্ষীয়ে বাৰ্মিজ চুপাৰী কঢ়িয়াই অনা AS27C0 0751 নম্বৰৰ ট্ৰাকখনৰ চালক মোস্তুফাক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । তদন্তৰ অন্তত বাৰ্মিজ চুপাৰী ব্যৱসায়ৰ ডাঙৰ চক্ৰটো পোহৰলৈ অহাটো নিশ্চিত বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.