River Cruise in Tezpur: ব্ৰহ্মপুত্ৰ বুকুৰে ভ্ৰমণ কৰি উপভোগ কৰক ঊষানগৰীৰ সৌন্দৰ্য

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 8:45 PM IST

thumbnail

তেজপুৰ, ১৫ অক্টোবৰ : ব্ৰহ্মপুত্ৰ বুকুৰে ভ্ৰমণ কৰি এতিয়াৰে পৰা পৰ্যটকে শিহু, বিশ্বনাথ ঘাট, শিলঘাট, দেৱীসিং ঘাট আৰু বুঢ়া চাপৰিৰ দৰ্শন কৰাৰ উপৰিও তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব ৷ কাৰণ এতিয়াৰে পৰা প্ৰায় ৪-৫ খনকৈ নাও আৰু ফেৰী চলাচল কৰিব ব্ৰহ্মপুত্ৰৰ বুকুত । তদুপৰি এইবাৰ অসম পৰ্যটন বিভাগে ৫০ গৰাকীকৈ যাত্ৰী একে সময়তে যাব পৰা নৌকাৰ ব্যৱস্থা কৰিছে ৷ তদুপৰি ১৫০ গৰাকী লোকে একেলগে ভ্ৰমণ কৰিব পৰা ফেৰী ব্যৱহাৰৰ কৰিব বন বিভাগ আৰু পৰ্যটন বিভাগে । পৰ্যটকসকলে যদি প্ৰথমবাৰতে ব্ৰহ্মপুত্ৰত শিহু দেখিবলৈ নাপায় তেনেহ’লে দ্বিতীয়বাৰ আকৌ উপভোগ কৰাৰ ব্যৱস্থা কৰিব বুলি বিভাগৰ পৰা জানিবলৈ দিছে ৷ 

দেওবাৰে নগাঁও বন্যপ্ৰাণী প্ৰাধিকাৰী জয়ন্ত ডেকা আৰু বিশ্বনাথ বন্যপ্ৰাণী প্ৰাধিকাৰী খগেশ পেগুৰ উপস্থিতিত জিলা আয়ুক্তই এই বিলাসী নৌকাৰে তেজপুৰ দেৱী সিং ঘাটলৈ পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে, বিগত ২০২১ চনৰ পৰা তেজপুৰ ভোমোৰাগুৰিৰ নদী পৰ্যটনৰ মুকলি কৰা হয় ৷ আনহাতে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এন ডি আৰ এফ বাহিনী, এছ ডি আৰ এফ বাহিনীৰ ব্যৱস্থা কৰাৰ লগতে প্ৰত্যেক নৌকাত ভেশজ ক'ভাৰ থাকিব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: Kaziranga National Park: পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.