Asam Sahitya Sabha Conference : সাহিত্য সভাৰ অধিৱেশনৰ গ্ৰন্থ বিপণিত গ্ৰাহকৰ ভিৰ

By

Published : Feb 3, 2023, 1:54 AM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

বিহপুৰীয়া, 2 ফেব্ৰুৱাৰী : বহু বিতৰ্কৰ মাজেৰে নাৰায়ণপুৰত ৩১ জানুৱাৰীৰ অনুষ্ঠিত হৈ আছে অসম সাহিত্য সভাৰ ষট্ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন (Asam Sahitya Sabha Narayanpur Conference) ৷ ৰাজনৈতিক চক্ৰত পৰি সাহিত্য সভাৰ অধিৱেশনত বিতৰ্কৰ সূত্ৰপাত হ’লেও হাজাৰ-হাজাৰ সাহিত্যানুৰাগীয়ে সাহিত্যৰ পৰশ বিচাৰি ভিৰ কৰিছে নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত ৷

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ষট্ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (67th Asam Sahitya Sabha conference)৷ উক্ত অধিৱেশন আজি তৃতীয় দিনত উপনীত হৈছে ৷  বিগত দুয়োটা দিনত হাজাৰ-হাজাৰ সাহিত্যনুৰাগীয়ে ভিৰ কৰিলেহি মনিকাঞ্চন ক্ষেত্ৰত ৷

আজি তৃতীয় দিনাও পুৱাৰে পৰা অগণন লোকৰ সোঁত বৈছে অধিৱেশনস্থলীলৈ ৷ বৃহস্পতিবাৰে পুৱা ৯:৩০ বজাত মূলমঞ্চত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ (Asam Sahitya sabha president) সভাপতিত্ব অনুষ্ঠিত হয় জনগোষ্ঠী আৰু জনজাতীয় সাহিত্য সন্মিলনৰে আৰম্ভ হয় তৃতীয় দিনাৰ কাৰ্যসূচী ৷ অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সন্মিলনখন উদ্বোধন কৰে ৷

ইফালে গ্ৰন্থমেলাত গ্ৰাহকৰ সঁহাৰিয়ে সন্তোষিত কৰিছে গ্ৰন্থ বিক্ৰেতাসকলক ৷ ১০১ খন বিপণি থকা গ্ৰন্থমেলাৰ প্ৰতিখন বিপণিতে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ৷ শিশুৰ পৰা আৰম্ভ কৰি বয়োজেষ্ঠলৈকে সকলো স্তৰৰ লোকে গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয় কৰা পৰিলক্ষিত হৈছে ৷  শিশু উপযোগী গ্ৰন্থকে আদি কৰি গল্পপুথি, কবিতাপুথি, উপন্যাস, ধৰ্মীয় গ্ৰন্থ, বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগী গ্ৰন্থ গ্ৰাহকসকলে ক্ৰয় কৰিছে ৷

আনহাতে নাৰায়ণপুৰত অনুষ্ঠিত হৈ থকা সাহিত্য সভাৰ অধিৱেশৰ প্ৰতি লক্ষ্য ৰাখি 3 ফেব্ৰুৱাৰীৰ দিনটো স্থানীয় বন্ধ হিচাবে ঘোষণা কৰা হৈছে (Local holiday in Lakhimpur district)৷ বৃহস্পতিবাৰে লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱানে এই নিৰ্দেশনা দিয়ে ৷ নিৰ্দেশনাটোত এই বন্ধই শৈক্ষিক ক্ষেত্ৰৰ সাক্ষাৎকাৰ, লিখিত পৰীক্ষা, গুণোৎসৱ আদিত কোনো প্ৰভাৱ নেপেলায় বুলিও উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক : Assam Sahitya Sabha : মণিকাঞ্চন ক্ষেত্ৰত জনগোষ্ঠীয় সাহিত্য সন্মিলন উদ্বোধন বিশ্বজিৎ দৈমাৰীৰ 

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.