ETV Bharat / state

Assam Sahitya Sabha : মণিকাঞ্চন ক্ষেত্ৰত জনগোষ্ঠীয় সাহিত্য সন্মিলন উদ্বোধন বিশ্বজিৎ দৈমাৰীৰ

author img

By

Published : Feb 2, 2023, 6:13 PM IST

sahitya sabha
sahitya sabha

তৃতীয়দিনাও উদুলি-মুদুলি মণিকাঞ্চন ক্ষেত্ৰ । অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচীত সাহিত্যানুৰাগীৰ ভিৰ পৰিলক্ষিত হয় (Assam Sahitya Sabha Narayanpur session) । বৃহস্পতিবাৰে পুৱা অধিবেশনৰ মূল মঞ্চত অনুষ্ঠিত হয় জনগোষ্ঠীয় আৰু জনজাতীয় সাহিত্য সন্মিলন । বিদায়ী সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সন্মিলন উদ্বোধন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

অসম সাহিত্য সভাৰ অধিবেশনৰ তৃতীয় দিন

বিহপুৰীয়া, 2 ফেব্ৰুৱাৰী : ৩১ জানুৱাৰীৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাঙ্গ অধিবেশন (Assam Sahitya Sabha Narayanpur session) । বিগত দুয়োটা দিনৰ বিভিন্ন কাৰ্যসূচীত হাজাৰ হাজাৰ সাহিত্যানুৰাগীয়ে ভিৰ কৰে মণিকাঞ্চন ক্ষেত্ৰত ।

বৃহস্পতিবাৰে তৃতীয়দিনাও পুৱাৰে পৰা অগণন লোকৰ সোঁত বৈছে অধিবেশনস্থলীলৈ । বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ পৰা মূল মঞ্চত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ (Assam Sahitya Sabha president Kuladhar Saikia) সভাপতিত্বত অনুষ্ঠিত হৈছে জনগোষ্ঠী আৰু জনজাতীয় সাহিত্য সন্মিলন । অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সন্মিলনখনি উদ্বোধন কৰে (Chairman of Assam ledgislative Assembly Biswajit Doimari) । ইফালে একে সময়তে গ্ৰন্থমেলা মঞ্চত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা যুৱ সংসদ কবি সন্মিলনৰ শুভ উদ্বোধন কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অপূৰ্ব কুমাৰ দাসে ।

উল্লেখ্য, ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ প্ৰথমদিনা পুৱা ৯ বজাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে নামঘৰ উদ্বোধন কৰাৰ লগতে বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰনাৰায়ণ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে নাম-প্ৰসঙ্গ অনুষ্ঠিত হয় । তাৰ পিছতে আহোম জনগোষ্ঠীৰ পবিত্ৰ মে-ডাম-মে-ফি কাৰ্যসূৰ্যচী ৰূপায়ণ হয় (Asam Sahitya Sabha Narayanpur conference Start)। আনহাতে, পুৱা ১০ বজাত অধিবেশনৰ মুখ্য দ্বাৰ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ গিৰিশ চন্দ্ৰ ভূঞাই । ইয়াৰ পিছতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ অস্থায়ী মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে আদৰণী সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ৷

আনহাতে, অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ দ্বিতীয়দিনা, বুধবাৰে ঘোষনা কৰা হয় অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিবেশনৰ স্থান । অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিবেশন ২০২৫ বৰ্ষত অনুষ্ঠিত হ'ব পাঠশালাত (Asam sahitya Sabha conference at Pathsala) ৷ বুধবাৰে সভাৰ নাৰায়ণপুৰ অধিবেশনৰ প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অসম সাহিত্য সভাৰ বজালী জিলা সমিতিৰ আমন্ত্ৰণমৰ্মে 2025 চনত পাঠশালাত অনুষ্ঠিত হ'ব সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিবেশন ৷

আনহাতে, 2024 বৰ্ষত অসম সাহিত্য সভাৰ মধ্য়ৱৰ্তী অধিবেশনখন অনুষ্ঠিত হ'ব মৰিগাঁৱত ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে অসমৰ জাতীয় অনুষ্ঠান স্বৰূপ অসম সাহিত্য সভাক লৈ বৰ্তমানেও বিতৰ্ক চলি আছে ৷ আনকি বুধবাৰে প্ৰতিনিধি সভাত বজালী জিলা সাহিত্য সভাখন অবৈধভাৱে গঠন কৰা বুলিও অভিযোগ উঠে আৰু তাৰ ফলত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত বিষয়টো অনুসন্ধান কৰিবলৈ এখন তদন্ত সমিতি গঠন কৰা হয় ।

প্ৰণিধানযোগ্য যে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ বাবে ৬ কোটি ৬০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে । এই অধিবেশন উপলক্ষে ৭০০ পৃষ্ঠাজোৰা স্মৃতিগ্ৰন্থ প্ৰকাশ পাব ।

লগতে পঢ়ক :Bhaona Sammelan press meet: আউনীআটী সত্ৰত অসম ভাওনা সন্মিলনৰ ৰাজ্যিক সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.