কংগ্ৰেছীৰ আত্মীয়ৰ সুৰা কোম্পানীত উদ্ধাৰ কোটি টকা: যোৰহাটত বিজেপিৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 4:31 PM IST

thumbnail

যোৰহাট, ৯ ডিচেম্বৰ: ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীৰ ওড়িশাস্থিত সুৰা কোম্পানীসমূহত আয়কৰ বিভাগে ৩০০ কোটি টকা জব্দ কৰাৰ পিচতেই দেশজুৰি সৰৱ হৈছে বিজেপি । আজি যোৰহাট জিলা বিজেপিয়ে ষ্টেডিয়াম চৌহদ পৰা নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়ায় । এই প্ৰতিবাদৰ জৰিয়তে ঝাৰখণ্ডত কংগ্ৰেছ দলৰ এগৰাকী সাংসদৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীৰ ওড়িশাস্থিত সুৰা কোম্পানীসমূহত অভিযান চলাই ৩০০ কোটি টকা উদ্ধাৰ কৰা ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ৷  

প্ৰতিবাদী বিজেপি কৰ্মীসকলে INDI জোঁটবন্ধন তথা কংগ্ৰেছে কৰা দুৰ্নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিজেপি জিন্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । আনহাতে, এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই কয় যে কংগ্ৰেছ সাংসদৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীৰ ওড়িশাস্থিত সুৰা কোম্পানীসমূহত ৩০০ কোটি টকা উদ্ধাৰ হয় । এই টকাবোৰ কাৰ বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এই টকা যি ধৰণে কংগ্ৰেছ দলে ব্যৱহাৰ কৰিছে সেয়া নিশ্চয় গান্ধী পৰিয়ালৰ হাতলৈ গৈছে ।

লগতে পঢ়ক:ওড়িশাত আয়কৰ অভিযান; দ্বিতীয় দিনা ৪৬ কোটি নগদ ধন জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.