কংগ্ৰেছী সাংসদৰ ঘৰত ৩০০ কোটি টকা উদ্ধাৰক লৈ বৰপেটাত বিজেপিৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:26 PM IST

thumbnail

বৰপেটা, ৯ ডিচেম্বৰঃ ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীৰ ওড়িশাস্থিত সুৰা কোম্পানীৰ পৰা আয়কৰ বিভাগে ৩০০ কোটি টকা জব্দ কৰাক লৈ বিজেপি প্ৰতিবাদমুখৰ হৈছে । ইয়াকে লৈ  দেশজুৰি সৰৱ হৈছে বিজেপি । ইয়াৰে অংশ ৰূপে আজি বৰপেটা জিলা বিজেপিয়ে প্ৰতিবাদ সাব্য়স্ত কৰে । বৰপেটাত জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসৰ নেতৃত্বত বৰপেটাত এইদৰে প্ৰতিবাদ জনোৱা হয় ।

ইয়াৰ বিৰুদ্ধে বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতাই প্ৰতিখন জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছিল । বৰপেটা জিলা বিজেপিয়েও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে কয় যে কংগ্ৰেছৰ দিনত আকাশ-পাতাল-মাটি সকলোতে দুৰ্নীতিয়ে শিপাই আছিল । দুৰ্নীতিৰ হিচাপ কৰি শেষ কৰিব পৰা নাছিল কোনেও । বৰ্তমানেও সেই দুৰ্নীতি শিপাই আছে । আয়কৰ বিভাগৰ ৪০ জনীয়া দল এটাই কালি ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদ ধীৰাজ চাহুৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীৰ ওড়িশাস্থিত সুৰা কোম্পানীত অভিযান চলায় ৩০০কোটি টকা জব্দ কৰে । 

লগতে পঢ়ক:ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদৰ ঘৰত উদ্ধাৰ ৩০০ কোটি টকা : তিনিচুকীয়াত বিজেপিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.