principal of Behali Degree College: বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথৰ অকাল মৃত্যু, শোকস্তব্ধ বিহালীবাসী

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 9:52 PM IST

thumbnail

বিশ্বনাথ, ১৮ ছেপ্টেম্বৰ: আজি বিশ্বকৰ্মা পূজাৰ দিনাই বিহালীত সংঘটিত হ'ল এক কৰুণ ঘটনা । বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জীৱন চন্দ্ৰ নাথৰ নিজা বাসগৃহৰ প্ৰথম মহলাৰ পৰা পৰি অকাল মৃত্যু ঘটে । পুৱা প্ৰাতঃভ্ৰমণ কৰি থকা সময়ত শেষবাৰৰ বাবে কথা হৈছিল চুবুৰীয়াৰ সৈতে । চুবুৰীয়াৰ মতে, প্ৰাতঃভ্ৰমণৰ পিচতে নিজা বাসগৃহলৈ আহি দাঁত ঘহা ব্ৰাছ লৈ প্ৰথম মহলাত কোনো কাম কৰি থকা সময়তে তললৈ পৰি মৃত্যুমুখত পৰে অধ্যক্ষগৰাকী ।

ঘৰত কোনো নথকাৰ বাবে বহু পলমকৈ কাম কৰা কোনো লোকে নাথৰ মৃতদেহ প্ৰত্যক্ষ কৰি চুবুৰীয়াক অৱগত কৰে যদিও ইতিমধ্যে মৃত্যু হয় অধ্যক্ষগৰাকীৰ । ঘটনাস্থলীত, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, উপ আৰক্ষী অধীক্ষক নৱজিৎ দাস বাঘ্ৰীকে ধৰি জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰা ৷ মৃতদেহৰ কাষত দাঁত ঘঁহা ব্ৰাছ, জোতা আৰু ভাঙি যোৱা নিমগছৰ ডাল প্ৰত্যক্ষ কৰে আৰক্ষী তথা দণ্ডাধীশে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰয়াত অধ্যক্ষগৰাকীক বিহালী স্নাতক মহাবিদ্যালয়ত শেষ শ্ৰদ্ধা জনোৱা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Protest at NIT Silchar : কুচ বক্কৰৰ আত্মহত্যাৰ ন্যায় বিচাৰি শিলচৰ এনআইটিৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.