Final verdict on Barshashree : সুদীৰ্ঘ এঘাৰটা মাহৰ পাচত ন্যায় পালে টীয়কৰ ছাত্ৰী বৰ্ষাশ্ৰীয়ে

By

Published : Mar 17, 2023, 4:20 PM IST

thumbnail

টীয়ক, 17 মাৰ্চ : সামাজিক মাধ্যমত দুটা শাৰীৰ এটা কবিতা লিখি 65 টাকৈ দিন কাৰাগাৰত থকা টীয়কৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক অৱশেষত বৃহস্পতিবাৰে গোলাঘাট সত্ৰ ন্যায়ধীশ আদালতে নিৰ্দোষী ঘোষণা কৰিলে । সুদীৰ্ঘ 11 মাহ মানসিক চাপত থকা বৰ্ষাশ্ৰীৰ লগতে বৰ্ষাশ্ৰীৰ পৰিয়ালবৰ্গ আৰু তেওঁৰ শুভাকাংক্ষীৰ মুখত আজি আনন্দৰ হাঁহি (Barshashree got justice After eleven months) ।

আজি পৰিয়ালৰ সৈতে চাপমুক্তভাৱে সকলো বহিছে চোতালত । আৰু এয়া গণতন্ত্ৰৰ জয় বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে বৰ্ষাশ্ৰীৰ পৰিয়ালে । লগতে আৰক্ষীৰ বেষ্টনীত থকাৰ সময়ত উকা কাগজত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰি আলফা(স্বা)ৰ সন্দেহত গ্ৰেপ্তাৰ কৰা 19 বছৰীয়া ছাত্ৰীগৰাকীক কোনো কাউনচেলিং নকৰাকৈ কাৰাগৰলৈ নিক্ষেপ কৰা কাৰ্যক গৰিহণা জনাইছে বৰ্ষাশ্ৰীৰ পৰিয়ালবৰ্গই (Barshashree Buragohain news update) ।

কাৰণ বিনা কাৰণত এইদৰে গ্ৰেপ্তাৰ কৰাৰ ফলত ছাত্ৰীগৰাকীৰ আত্মসন্মান লাঘৱ হোৱাৰ লগতে তেওঁৰ শৈক্ষিক জীৱনতো কু-প্ৰভাৱ পৰিছে বুলি অভিহিত কৰে বৰ্ষাশ্ৰী আৰু তেওঁৰ পৰিয়ালে ৷ এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰখনক আহ্বান জনাইছে বৰ্ষাশ্ৰীৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে ।

লগতে পঢ়ক : Barshashree Buragohai update: বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক নিৰ্দোষ ঘোষণা গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.