Barshashree Buragohai update: বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক নিৰ্দোষ ঘোষণা গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতৰ

author img

By

Published : Mar 16, 2023, 4:11 PM IST

Barshashree Buragohai update

অৱশেষত দোষমুক্ত হ’ল বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (UAPA) অধীনত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হোৱা গোলাঘাটৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ বৃস্পতিবাৰে গোলাঘাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে নিৰ্দোষ ঘোষণা কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক ৷ দোষমুক্ত হৈয়েই অসম আৰক্ষীৰ বিৰুদ্ধে বৰ্ষাশ্ৰীয়ে আনিছে বিস্ফোৰক অভিযোগ ৷

বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক নিৰ্দোষ ঘোষণা গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতৰ

গোলাঘাট, 16 মাৰ্চ: সামাজিক মাধ্যমত এটা কবিতা লিখাৰ অপৰাধত কাৰাবন্দী হ’ব লগা হৈছিল গোলাঘাটৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ বৰ্ষাশ্ৰী বুঢ়া গোহাঁইয়ে ৰাষ্ট্ৰদ্ৰোহ কৰাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 65 দিন ধৰি বন্দী কৰি ৰাখিছিল কাৰাগাৰত ৷ কিন্তু বৃহস্পতিবাৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁক নিৰ্দোষ ঘোষণা কৰে আদালতে (Barshashree Buragohai case update) ৷

নিৰ্দোষ ঘোষণা হোৱাৰ পাচতেই বিস্ফোৰণ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ ৷ বৰ্ষাশ্ৰীক আটক কৰাৰ পাচতেই উৰিয়ামঘাট থানাত এখন উকা কাগজত চহী কৰোৱাৰ গুৰুতৰ অভিযোগ আনিছে খোদ বৰ্ষাশ্ৰী বুঢ়াইগোহাঁইয়ে ৷ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ এই বিস্ফোৰণক কেন্দ্ৰ কৰি এতিয়া উত্থাপন হৈছে কেতবোৰ প্ৰশ্ন ৷ উকা কাগজত বলপূৰ্বকভাৱে বৰ্ষাশ্ৰীক চহী কৰোৱাই ৰাষ্ট্ৰদ্ৰোহী সজোৱাৰ কূটকৌশল ৰচনা কৰিছিল নেকি আৰক্ষীয়ে ? নে ক্ষমাতৰ অপপ্ৰয়োগ কৰি অসম আৰক্ষীয়ে কৰিছিল এনে কাম ? আৰক্ষীয়ে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰিছিল বুলিও অভিযোগ উত্থাপন কৰিছে বৰ্ষাশ্ৰীয়ে ৷

স্মৰ্তব্য যে, 2022 বৰ্ষৰ 18 মে’ত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত বৰ্ষাশ্ৰীক গোলাঘাটৰ উৰিয়ামঘাটৰ এগৰাকী বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ পৰৱৰ্তী পৰ্যায়ত বৰ্ষাশ্ৰীক প্ৰেৰণ কৰা হয় গোলাঘাট জিলা কাৰাগাৰলৈ ৷ বৰ্ষাশ্ৰীক কাৰাগাৰলৈ প্ৰক্ষেপ কৰাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ সমান্তৰালভাৱে উত্থাপন হৈছিল বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবী (Barshashree Buragohain news update) ৷

অৱশেষত 65 দিন কাৰাবন্দী হৈ থকাৰ পাচত মুকলি কৰি দিয়া বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বৰ্ষাশ্ৰীক মুক্তি দিয়াৰ পাচতেই বৰ্ষাশ্ৰীৰ বিৰুদ্ধে থকা সকলো গোচৰ উঠাই লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰক্ষীয়ে ৷ কিন্তু আৰক্ষীয়ে গোচৰ উঠাই লোৱাৰ বিপৰীতে শেহতীয়াকৈ দাখিল কৰিছিল চাৰ্জশ্বীট ৷ কিন্তু বৃহস্পতিবাৰে গোলাঘাটৰ সত্ৰ ন্যায়াধীশ দিব্যজ্যোতি মহন্তৰ আদালতে নিৰ্দোষ ঘোষণা কৰে বৰ্ষাশ্ৰীক (Final verdict on Barshashree) ৷

আদালতৰ চূড়ান্ত ৰায়দানৰ পাচতেই বৰ্ষাশ্ৰীয়ে আৰক্ষীৰ বিৰুদ্ধে আনে বিস্ফোৰক অভিযোগ ৷ ইফালে, দোষমুক্ত হোৱাৰ পাচতেই আৱেগিক হৈ পৰে বৰ্ষাশ্ৰীৰ ভাতৃ আৰু পিতৃ ৷

লগতে পঢ়ক: Barshashree Buragohain summoned: 28 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.