Protesters Arrested in Barak Valley: বৰাক বন্ধ: 4 প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ

By

Published : Nov 18, 2022, 1:43 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

আজি 12 ঘন্টীয়া বৰাক বন্ধৰ আহ্বান জনাইছিল বৰাক ডেমক্ৰেটিক ফ্ৰন্ট নামৰ সংগঠনটোৱে (Barak bandh) ৷ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত বৰাকৰ নিবনুৱাসকলক বঞ্চিত কৰাৰ লগতে মেঘালয়ত বাঙালী নিৰ্যাতন আৰু থলুৱা চুপাৰী বিক্ৰীৰ অনুমতি প্ৰদানৰ দাবীত বিডিএফে আহ্বান জনাইছিল 12 ঘন্টীয়া বৰাক বন্ধৰ ৷ বিডিএফৰ(Barak democratic front) দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াই জিলাখনৰ দোকান-বজাৰসমূহ পুৱাৰে পৰা বন্ধ ৰখা হয় ৷ পুৱাৰে পৰা বিভিন্ন স্থানত প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । পুৱা কৃষ্ণপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মু্ক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে । ইতিমধ্যে এই প্ৰতিবাদকাৰীসকলক লালা আৰক্ষীয়ে আটক কৰি প্ৰায় ৫০ জন প্ৰতিবাদকাৰীক আটক কৰি লালা আৰক্ষী চকীলৈ লৈ আহে। প্ৰতিবাদকাৰীসকলৰ ভিতৰৰ 8 জনক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে (4 protesters Arrested)৷ প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ উদ্দেশ্যৰে হাইলাকান্দিত ঠায়ে ঠায়ে মোতায়ন কৰা হৈছে আৰক্ষী, নিৰাপত্তা বাহিনীৰ লোক ৷ উল্ল্যেখ্য যে কংগ্ৰেছ,বাওঁদল সহ বিভিন্ন অৰাজনৈতিক সন্থাই বিডিএফে আহ্বান জনোৱা এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.