Assam Unnati Sabha: গুৱাহাটীত অসম উন্নতি সভা আৰু অসম সেনাৰ অধিৱেশন

By

Published : Jul 5, 2023, 5:17 PM IST

thumbnail

গুৱাহাটী, 5 জুলাই: অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসম উন্নতি সভা আৰু অসম সেনাৰ প্ৰথম অধিৱেশন বুধবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হয় । সভাত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আদি নেতৃবৃন্দ উপস্থিত থাকে এই অধিৱেশনত ।

এই সন্দৰ্ভত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ১৯৯৮ চনৰ পৰা অসম উন্নতি সভা গঠনৰ প্ৰক্ৰিয়া চলি আহিছে । আকৌ ২০০৪ চনৰ পৰা অসম সেনা গঠনৰ প্ৰক্ৰিয়া চলি আহিছে । আজি অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসম উন্নতি সভা আৰু অসম সেনাৰ প্ৰথম অধিৱেশন বুধবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত কৰা হৈছে ।  

অধিৱেশনৰ জৰিয়তে অসমৰ থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰা কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব । বাস্তৱসম্মতভাৱে এই কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে ভৱিষ্যতে থলুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে এই অধিৱেশনত অসমৰ ৩০ খন জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিবৰ্গ উপস্থিত থাকে ৷

লগতে পঢ়ক: Elvis Ali Hazarika: ইংলিছ চেনেল সাঁতুৰি অভিলেখ গঢ়িবলৈ আগবাঢ়িছে জলকোঁৱৰ এলভিছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.