বিৰোধী ঐক‍্যমঞ্চই বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিলেও উন্নয়নৰ হে আনিব লাগিব: ভৱেশ কলিতা

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 11:19 AM IST

thumbnail

ৰঙিয়া, ২ ডিচেম্বৰ: অসমৰ বিৰোধী ঐক‍্যমঞ্চই বিজেপিৰ বিৰুদ্ধে মহা অভিযোগনামা আৰু ঘোষণা পত্ৰ প্ৰস্তুত কৰা বুলি উল্লেখ কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ৰঙিয়াত এই সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি কলিতাই কয় যে এ পি এছ চি কেলেংকাৰীত নিতৌ বহু ৰাজপত্ৰিত বিষয়া আৰক্ষীৰ জালত পৰি আছে, সেয়া কংগ্ৰেছৰ দিনৰেই সৃষ্টি আছিল। তেওঁলোকে বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিলেও উন্নয়নৰ হে আনিব লাগিব ।

ৰঙিয়াৰ বিধায়কগৰাকীয়ে নিজৰ গৃহ সমষ্টিৰ উদাহৰণ দি কয় যে স্বাধীনতাৰ পৰা বৰ্তমানলৈকে সমষ্টিটোত সৰহভাগ সময় কংগ্ৰেছে শাসন কৰিছে । বামপন্থী দলৰ নেতাকো নিৰ্বাচিত কৰিছে ৰঙিয়াৰ ৰাইজে । কিন্তু বিজেপি শাসনলৈ অহাৰ পিছতহে সমষ্টিটোৰ সামগ্ৰীক উন্নয়ন সম্ভৱ হৈছে । বিজেপিয়েহে ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ ৰাস্তা ঘাট, দলং, পিজি কলেজ, আইন মহাবিদ্যালয়কে আদিকে কৰি আন আন ক্ষেত্ৰতো উন্নয়ন সাধিবলৈ সক্ষম হৈছে ।

তেওঁ লগতে কয়, "মহিলাসকলকো সৱলীকৰণৰ দিশত আগুৱাই নিবলৈ সক্ষম হৈছে চৰকাৰখনে । অকল ৰঙিয়াই নহয় সমগ্ৰ অসমতে এই উন্নয়ন দৃশ্য স্পষ্টভাৱে পৰিস্ফুট হৈছে বিজেপিৰ দিনত ।"

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ থকাৰ সংকল্পৰে ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ অভিৱৰ্তন সমাপ্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.