ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ থকাৰ সংকল্পৰে ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ অভিৱৰ্তন সমাপ্ত

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 8:17 PM IST

Press Meet of United Opposition Forum
বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল

সমাপ্ত হ’ল ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা বিৰোধী ঐক্য মঞ্চৰ অভিৱৰ্তন ৷ কম দিনৰ ভিতৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে মহাভিযোগ নামা আৰু ঘোষণা পত্ৰ ৰাজহুৱা কৰা হ'ব বুলি উল্লেখ কৰে ভূপেন বৰাই ৷

বিৰোধী ঐক্য মঞ্চৰ অভিৱৰ্তন

ডিব্ৰুগড়, 1 ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে দুদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল বিৰোধী ঐক্য মঞ্চৰ অভিৱৰ্তন ৷ বিৰোধী ঐক্য মঞ্চ অসমৰ ৰাজনৈতিক অভিৱৰ্তনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী শুকুৰবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হয় ৷ ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰৰ পৰা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহলৈ বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰে বিৰোধী ঐক্য মঞ্চৰ সকলো নেতা-কৰ্মীক আদৰি অনা হয় ৷ তাৰ পাছতে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশাল সভা ৷

সভাৰ সভাপতি হিচাপে আসন গ্ৰহণ কৰে বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাই ৷ বৃহস্পতিবাৰৰ দিনটোত ডিব্ৰুগড়ৰ এইছ এম ৰিজৰ্টত বিৰোধী ঐক্যৰ 15 টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক ৷ গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ প্ৰথমখন বৈঠকত ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল, আপ, তৃণমূল কংগ্ৰেছ, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী, ৰাষ্ট্ৰীয় জনতা দল, কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া, শিৱসেনা আদিকে ধৰি মুঠ 15 টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰি বিৰোধী ঐক্যৰ ৰণ কৌশলৰ সম্পৰ্কে আলোচনা কৰে ৷ বৈঠকত বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ নামা আৰু ঘোষণা পত্ৰ প্ৰস্তুত কৰাক লৈ আলোচনাত বহা বুলি সভাৰ শেষত জানিবলৈ দিছিল ঐক্যৰ মঞ্চৰ নেতৃত্বই ৷

ইয়াৰ পাছতেই শুকুৰবাৰে ডিব্ৰুগড়ৰ ৰাজপথত বিশাল শোভাযাত্ৰাৰে বিৰোধী ঐক্যৰ শক্তি প্ৰদৰ্শন ৷ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ উপস্থিতি দেখা পোৱা গ'ল ৷ এই সভাৰ পৰাই বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ থকাৰ সংকল্প ল'লে বিৰোধী ঐক্য মঞ্চত অন্তৰ্ভুক্ত সকলো দলৰ নেতা-কৰ্মী সকলে ৷

সভাৰ শেষত সংবাদমেল অনুষ্ঠিত কৰি বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাই কয় যে, অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ বিচাৰিছে বিৰোধী ঐক্য মঞ্চই ৷ লগতে অসমৰ সংবাদ মাধ্যমে বস্তুনিষ্ঠ বিশ্লেষণ কৰাটো আমি বিচাৰে বুলি কয় তেওঁ ৷ কম দিনৰ ভিতৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে মহাভিযোগ নামা আৰু ঘোষণা পত্ৰ ৰাজহুৱা কৰা হ'ব বুলি উল্লেখ কৰে ভূপেন বৰাই ৷

লগতে কংগ্ৰেছকে ধৰি বহু দলৰ কেইবাজনো শীৰ্ষ নেতাই এই অভিৱৰ্তনত অংশগ্ৰহণ নকৰাক লৈ শাসকীয় পক্ষই কৰা সমালোচনাৰ উত্তৰ দিলে ভূপেন বৰাই ৷ বৰাই কয় যে, সকলো শীৰ্ষ নেতা উপস্থিত থাকিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই ৷ দুয়োটা দিনতে সকলো দলৰ শীৰ্ষ প্ৰতিনিধি উপস্থিত আছে ৷ বিৰোধী ঐক্যত অন্তৰ্ভুক্ত যি সকলে নিবাৰ্চন খেলিব সেই দল সমূহে নিজৰ নিজৰ প্ৰাৰ্থীৰ তালিকা ঠিক কৰিব ৷ ইয়াৰ পাছতে ঐক্য মঞ্চত আলোচনা হ'ব কোন সমষ্টিৰ পৰা কোন দলৰ কোন প্ৰাৰ্থী ঐক্য মঞ্চৰ হৈ নিবাৰ্চন খেলিব ৷

এই সভাতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্পষ্ট কৰি দিয়ে যে, প্ৰাৰম্ভিকতে কংগ্ৰেছে 14 টা লোকসভা সমষ্টিৰ কাৰণে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিব ৷ পৰৱৰ্তী পৰ্যায়ত ঐক্য মঞ্চৰ আলোচনা মৰ্মে চূড়ান্ত তালিকা প্ৰস্তুত কৰিব কংগ্ৰেছে ৷ মুঠৰ ওপৰত বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে লোকসভা নিৰ্বাচনত এঘড়ী যুঁজাৰ সংকল্পৰে ডিব্ৰুগড়ত সামৰণি পৰিল দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ অভিৱৰ্তন ৷

লগতে পঢ়ক : বিশাল শোভাযাত্ৰাৰে ডিব্ৰুগড়ৰ ৰাজপথত বিৰোধী ঐক্যৰ শক্তি প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.