ETV Bharat / state

বিশাল শোভাযাত্ৰাৰে ডিব্ৰুগড়ৰ ৰাজপথত বিৰোধী ঐক্যৰ শক্তি প্ৰদৰ্শন

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 1:52 PM IST

ডিব্ৰুগড়ৰ ৰাজপথত বিশাল শোভাযাত্ৰাৰে বিৰোধী ঐক্যৰ শক্তি প্ৰদৰ্শন ৷ ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বিৰোধীৰ 15 টা দলৰ নেতৃত্বত বিশাল জনসভাৰ ৷

Rally by United opposition forum in Dibrugarh
ডিব্ৰুগড়ৰ ৰাজপথত বিৰোধী ঐক্যৰ বিশাল শোভাযাত্ৰা

ডিব্ৰুগড়ৰ ৰাজপথত বিৰোধী ঐক্যৰ বিশাল শোভাযাত্ৰা

ডিব্ৰুগড়, 1 ডিচেম্বৰ: লোকসভা নিৰ্বাচনক লৈ ৰাজ্যৰ শাসকীয় দল আৰু কংগ্ৰেছ দল বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ বিজেপিয়ে ৰাজনৈতিক তৎপৰতা প্ৰদৰ্শন কৰা সময়তে শুকুৰবাৰে ডিব্ৰুগড়ৰ ৰাজপথত বিশাল শোভাযাত্ৰাৰে বিৰোধী ঐক্যই শক্তি প্ৰদৰ্শন কৰে । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ এইছ এম ৰিজ’ৰ্টত বিৰোধী ঐক্যৰ 15 টাকৈ ৰাজনৈতিক দলৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক ৷

ইয়াৰ পাছতে আজি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে বিৰোধী ঐক্যৰ বিশাল এক জনসভা । এই জনসভাত বিৰোধী ঐক্যৰ সকলো ৰাজনৈতিক দলৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে । তিনিচুকীয়াত আজিৰে পৰা অনুষ্ঠিত হ'বলগা ৰাজ্যিক কেবিনেট বৈঠকৰ দিনটোতে বিৰোধী ঐক্য মঞ্চই ডিব্ৰুগড়ত নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ লগতে শ শ দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত কৰা এই বিশাল জনসভাই শাসক দল বিজেপিক কিছু হ'লেও চিন্তাত পেলাব বুলি ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলিছে ।

এই সভাত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, পৱন সিং ঘাটোৱাৰ, সাংসদ আব্দুল খালেক, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিএম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ উপ সভাপতি ভাস্কো ডি শইকীয়াকে ধৰি প্ৰতিটো দলৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰিছে ৷ নিৰ্বাচনী ৰণনীতি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হ'ব বুলি জানিবলৈ দিছে দলৰ নেতাসকলে । ৰাজ্যত বিজেপিক লোকসভা নিৰ্বাচনত পৰাজিত কৰাৰ লক্ষ্যৰে গঠন হোৱা বিৰোধী ঐক্যৰ আজি গুৰুত্বপূৰ্ণ জনসভাই বিৰোধী ঐক্যক অধিক শক্তিশালী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ।

লগতে পঢ়ক: তিনিচুকীয়াত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.