Biswajit Daimary: মই কৰা মন্তব্য চিৰসত্য মন্তব্য; বিশ্বজিৎ দৈমাৰী

By

Published : Jun 7, 2023, 6:38 PM IST

thumbnail

বাইহাটা, 7 জুন: বিদ্যুতৰ মাচুলক লৈ জনসাধাৰণক গছৰ তলত বহিবলৈ উপদেশ দিয়া অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আগবঢ়াইছে আন এক নতুন বাণী ৷ বিশ্বজিৎ দৈমাৰীৰ (Biswajit Daimary) মন্তব্য,‘‘ লোভেই পাপ নহয়, লোভ উন্নতিৰ মূল ৷ লোভ বিহীন মানুহে জীৱনত কাম কৰিব নোৱাৰে ৷’’

কামৰূপৰ চাংসাৰিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই প্ৰবচন আগবঢ়াই বিশ্বজিৎ দৈমাৰীয়ে ৷ ইফালে বিদ্যুতৰ মাচুল বৃদ্ধি সন্দৰ্ভত পূৰ্বে কৰা মন্তব্যত অটল আছে দৈমাৰী ৷ তেওঁ কয়, ‘‘মই গাঁৱৰ মানুহ, গাঁৱৰ মানুহ হিচাবে এই মন্তব্য আগবঢ়াইছো ৷ মোৰ মন্তব্যত কোনে মূৰ ঘমাইছে তাত ক’ব লগা নাই (Biswajit Daimary on electricity tariff hike) ৷’’

তেওঁ লগতে কয়, ‘‘মই কৰা মন্তব্য চিৰসত্য মন্তব্য ৷’’ একাংশ কাম নোহোৱা মানুহ মোৰ মন্তব্যত ব্যস্ত হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷ উল্লেখ্য যে বুধবাৰে চাংসাৰিৰ চিপেটত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত অনুষ্ঠিত হ’বলগীয়া তিনিমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠানত অংশ লয় বিশ্বজিৎ দৈমাৰীয়ে ৷

লগতে পঢ়ক: Rama Kanta Dewri: ৰাইজৰ সমস্যা হৃদয়ংগম কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰমাকান্ত দেউৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.