ETV Bharat / state

Rama Kanta Dewri: ৰাইজৰ সমস্যা হৃদয়ংগম কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰমাকান্ত দেউৰীৰ

author img

By

Published : Jun 7, 2023, 4:22 PM IST

Rama Kanta Dewri
Rama Kanta Dewri

জনজাতীয় ‘ব্লেল্ট এণ্ড ব্লক’ সুৰক্ষাৰ প্ৰসংগ উল্লেখ কৰি নিজ দলৰ বিৰুদ্ধে সোচ্ছাৰ বিধায়ক ৰমাকান্ত দেউৰী ৷ বিদ্যুৎ মাচুত বৃদ্ধি কৰাকলৈয়ো সৰৱ বিধায়কগৰাকী (Electricity price hike in Assam) ৷

নিজ দলৰ বিৰুদ্ধে কিয় সৰৱ হ’ল ৰমাকান্ত দেউৰী ?

মৰিগাঁও, 7 জুন: নিজ দলৰ জনজাতি বিৰোধী নীতিত খৰ্গহস্ত মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী ৷ বুধবাৰে নিজৰেই চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হ’ল বিধায়কগৰাকী (Rama Kanta Dewri) ৷

জনজাতীয় ‘বেল্ট এণ্ড ব্লক’ সমূহ সুৰক্ষাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰাৰ সন্দৰ্ভত তেওঁ কয়, ‘‘নিজ দল হলেও বিজেপিয়ে কল্যাণকামী চৰিত্ৰ হেৰুৱাই পেলোৱাটো ভাল কথা হোৱা নাই (Protection of tribal belt and block) ৷ আজিলৈকে কোনো এখন চৰকাৰেই ‘বেল্ট এণ্ড ব্লক’সমূহক ৰক্ষণাৱেক্ষণ নিদিলে ৷ সদৌ অসম ছাত্ৰ সন্থাইয়ো মাত নামাতিলে ৷ আমাৰ চৰকাৰে এই ‘বেল্ট এণ্ড ব্লক’ক সুৰক্ষা দিব লাগে বুলি হৃদয়ংগম কৰিব লাগিব ৷ অন্যথা অসমৰ ভূমিপুত্ৰ বিদেশীলৈ পৰিণত হ’ব আৰু অঘৰীৰ দৰে জীৱন যাপন-কৰিব লাগিব (Tribal belt and block Assam) ৷’’

লগতে পঢ়ক: Demand of ST status: জনজাতিকৰণৰ প্ৰসংগত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰে অসম চৰকাৰৰ দুই মন্ত্রীৰ বৈঠক

এই দৰেই নিজ দলৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰয়োজন হ’লে দলৰ বিৰুদ্ধাচৰণ কৰিম বুলিও মন্তব্য কৰে বিধায়গৰাকীয়ে ৷ আনহাতে আন আন বিৰোধী ৰাজনৈতিক দলসমূহকো ভূমি পুত্ৰসকলৰ সুৰক্ষাৰ বাবে মাত মাতিবৰ বাবে আহ্বান জনায় ৷

ইফালে বিদ্যুৎ মাচুত বৃদ্ধি সন্দৰ্ভত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰমাকাণ্ড দেউৰীয়ে কয়, ‘‘আজিৰ দিনত এনে কথা শোভা নাপায় ৷ তেখেতে ৰাইজক এই কথা ক’ব নালাগিছিল ৷’’ এখন দেশ এজন ৰজাই জনসাধৰণে কষ্ট নোপোৱাকৈ পৰিচালনা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ৷ ৰাইজৰ সমস্যাসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হৃদয়ংগম কৰিবৰ বাবেও আহ্বান দেউৰীৰ (Electricity tariff hike in Assam) ৷ যদিহে বিদ্যুতৰ মাচুল বৃদ্ধি হয় তেন্তে বিধায়ক হিচাবে মুখ্যমন্ত্ৰীক ৰাইজৰ সমস্যাৰ বিষয়ে অৱগত কৰিম বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: Power Crisis in Assam : সামান্য বিদ্যুৎ উৎপাদন অসমৰ, কিনিছে চৰা দামত বিদুৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.