ETV Bharat / state

Demand of ST status: জনজাতিকৰণৰ প্ৰসংগত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰে অসম চৰকাৰৰ দুই মন্ত্রীৰ বৈঠক

author img

By

Published : Jun 6, 2023, 9:29 PM IST

জনজাতিকৰণৰ প্ৰসংগকলৈ কেইবাটাও জনজাতীয় সংগঠন তথা সমন্বয়ৰক্ষী সমিতিৰ সৈতে বৈঠকত মিলিত হ’ল অসম চৰকাৰৰ দুই মন্ত্ৰী পীযুষ হাজৰীকা আৰু ৰণোজ পেগু ৷ জনজাতিকৰণৰ দাবী সন্দৰ্ভত মতামত গ্ৰহণ মন্ত্ৰী দুগৰাকীৰ (Meeting on ST status) ৷

ministers of Assam cabinet met tribal organisation
Demand of ST status

গুৱাহাটী, ৬ জুন: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানমৰ্মে জনজাতিকৰণৰ প্ৰসংগকলৈ মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সদৌ অসম ট্ৰাইবেল সংঘসহ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থা (আটাছু), টাই আহোম যুৱ পৰিষদকে ধৰি আহোমৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিবৰ্গই অংশ গ্ৰহণ কৰে (Meeting on ST status issue) ।

বৈঠকত বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ টাই আহোমসকলৰ জনজাতিকৰণ দাবীৰ মীমাংসা কেনেধৰণে হ'ব পাৰে তাৰ ওপৰত দুয়োটা জনগোষ্ঠীৰ মাজত সৌহাৰ্দপূৰ্ণ আলোচনা হয় । উল্লেখ্য যে, আহোম জনগোষ্ঠীৰ লোক সকলক অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা বিভিন্ন দল-সংগঠনে উত্থাপন কৰা দাবীৰ বিপৰীতে অসমৰ আন আন বিভিন্ন জনজাতি সমূহক প্ৰতিনিধিত্ব কৰা সংগঠন সমূহে ইয়াৰ বিৰোধিতা কৰি আহিছে (Demand of ST status in Assam)।

ইফালে আহোম সম্প্ৰদায়ৰ জনজাতিকৰণৰ বিষয়টোক লৈ দীৰ্ঘদিন ধৰি বিভিন্ন মঞ্চত আলোচনা অনুষ্ঠিত হৈ আহিছে । এই বিষয়টো সন্দৰ্ভত এক সমাধানসূত্ৰত উপনীত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মঙলবাৰে দুয়োগৰাকী মন্ত্ৰীয়ে আহোম জনগোষ্ঠীয় দল সংগঠন সমূহৰ প্ৰতিনিধি আৰু আন আন জনজাতীয় দল সংগঠন সমূহৰ প্ৰতিনিধি সকলৰ সৈতে বৈঠকত মিলিত হয় । এই বৈঠকত দুই পক্ষৰ মত-অমত সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । দুয়ো পক্ষই সমিলমিলেৰে এক সমাধান সূত্ৰত উপনীত হোৱাৰ বাবে দুয়োগৰাকী মন্ত্ৰীয়ে দুয়ো পক্ষৰ মতামত গ্ৰহণ কৰে (Meeting on ST status)।

লগতে পঢ়ক: Press conference of Rameshwar Teli:সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত হ'ব সভা:তেলী

মন্ত্ৰীদ্বয়ে অসমৰ সমূহ জনগোষ্ঠীৰ মাজত একতাৰ বান্ধোন সুদৃঢ় কৰি সমিলমিলেৰে এক বৃহত্তৰ অসমীয়া জাতি হিচাপে অসমৰ হকে একগোট হ’বলৈ সংশ্লিষ্ট পক্ষলৈ আহ্বান জনায় । উল্লেখ্য যে, টাই আহোমকে ধৰি ৰাজ্যৰ ছটা জনগোষ্ঠীয়ে সুদীৰ্ঘ সময়ৰ পৰা জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে (ST status demand of six tribes)।

ইফালে জনগোষ্ঠী কেইটাৰ এই দাবীৰ বিৰোধিতা কৰি আহিছে বৰ্তমানৰ জনজাতিসকলে । নতুনকৈ জনজাতিকৰণ কৰিলে পূৰ্বৰ পৰা জনজাতিৰ স্বীকৃতি লাভ কৰি অহা জনগোষ্ঠীসকলৰ বৃহৎ ক্ষতি হোৱাৰ আশংকা কৰি ইয়াৰ বিৰোধিতা কৰি আহিছে বৰ্ত্তমানৰ জনজাতিসকলে ।

স্পৰ্শকাতৰ এই বিষয়টোৰ সমাধানৰ বাবে আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু ডাঃ ৰণোজ পেগুৱে সংগঠন সমূহৰ নেতৃত্বৰে বৈঠকত মিলিত হয় । জানিব পৰা মতে এই বৈঠকত দুয়োপক্ষই নিজৰ নিজৰ মতামত দাঙি ধৰে যদিও কোনো ধৰণৰ সমাধান সূত্ৰ নোলাল । পৰৱৰ্তী সময়ত পুনৰ বৈঠক অনুষ্ঠিত হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.