Assam Meghalaya border tension: লাপাংআপত বাহন আৱদ্ধ কৰি তিনি অসমীয়াক আক্ৰমণ খাছীৰ; এজন নিখোঁজ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 3:32 PM IST

thumbnail

ডিফু, 1 অক্টোবৰ: পুনৰ অসম-মেঘালয় সীমান্তত উত্তেজনা ৷ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে চলি থকা সীমা বিবাদ সমাধানৰ পথত বুলি চৰকাৰে কৈ থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত পুনৰ সৃষ্টি হ’ল এক উত্তেজনাময় পৰিস্থিতি ৷ মকৈলুমৰ পৰা লাংহেমফিলৈ আহি থকা বাহন আৱদ্ধ কৰি অসমীয়াৰ ওপৰত আক্ৰমণ কৰে নিচাসক্ত খাছী লোকৰ এটা দলে  ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি এখন এল্ট’ গাড়ীৰে তিনিজন কাৰ্বিলোক আৰু এজন খাছী চালকৰ সৈতে মকৈলুমৰ পৰা লাংহেমফিলৈ আহি থকাৰ পথৰ লাপাংআপত এই ঘটনা সংঘটিত কৰে ৷ খাছী লোককেইজনমানে বাহনখন ৰখাই চালকজনৰ বাহিৰে তিনিওগৰাকী কাৰ্বি লোককে মাৰপিট কৰে ৷ খাছীলোকসকলে তিনিওজনকে মাৰপিট কৰাৰ লগতে হত্যাৰ পৰিকল্পনা কৰে বুলিও ভুক্তভোগীয়ে প্ৰকাশ কৰে ৷ দেওবাৰে পুৱা কোনোমতে নিজৰ প্ৰাণ বচাই নিজ ঘৰত উপস্থিত হয় দুয়োজন ভুক্তভোগী ৷

এই ঘটনাৰ পিচতে ইতিমধ্যে সংকটজনক অৱস্থাত দুজনকৈ কাৰ্বি লোকক উদ্ধাৰ কৰা হয় যদিও জেলাচ হাঞ্চে নামৰ এজন লোকক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ৷ দুই ৰাজ্যৰ আৰক্ষী অধীক্ষক পৰ্যায়ত বিষয়টো আলোচনা হৈছে যদিও জেলাচক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Assam Meghalaya Dispute : পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.