Assam Meghalaya Dispute : পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 5:48 PM IST

thumbnail

ডিফু, 27 ছেপ্টেম্বৰ : চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে চলি থকা সীমা বিবাদ সমাধানৰ পথত বুলি চৰকাৰে কৈ থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত পুনৰ সৃষ্টি হ’ল এক উত্তেজনাময় পৰিস্থিতি ৷ হামৰেণ আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তৱৰ্তী তাপাত অঞ্চলত এই উত্তেজনা ৷

জানিব পৰা মতে সীমান্তৰ সীপাৰৰ মেঘালয়ৰ লাপাংআপ অঞ্চলৰ পৰা হাতে হাতে দা, লাঠী, কেটেপা লৈ বলপূৰ্বক অসমৰ তাপাত অঞ্চলত প্ৰবেশ কৰে প্ৰায় দুই শতাধিক খাচী দুৰ্বৃত্তৰ  দলে ৷ তাপাতৰ অসমীয়া লোকক কেটেপাৰে আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে ৷  

খাচী দুৰ্বৃত্তৰ কেটেপাৰ আক্ৰমণত অসমৰ এজন লোক আহত হয় ৷ বৰ্তমানেও সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতি অব্যাহত আছে ৷ উল্লখ্য যে বিগত 24 আগষ্টতো খাচী দুৰ্বৃত্তই অঞ্চলটোত প্ৰবেশ কৰি দুটাকৈ ঘৰত অগ্নিসংযোগ কৰিছিল ৷ 

লগতে পঢ়ক : Indo China Relations: গালৱান সংঘৰ্ষৰ পৰায়ে অস্বাভাৱিক অৱস্থাত ভাৰত-চীন সম্পৰ্ক; বিদেশ মন্ত্ৰী জয়শংকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.