DU ragging incident: কঠোৰ হাতেৰে দমন কৰা হ’ব ৰেগিং: মুখ্যমন্ত্ৰী

By

Published : Dec 1, 2022, 3:19 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ডৰ পাচত কঠোৰ পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ (Assam CM Himanta Bishwa Sarma reacted on DU ragging) । এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ৰেগিঙক লৈ আইন প্ৰনয়ণ কৰিব নালাগে যদিও কেইটামান কাম আমি কৰিব লাগিব । এটা হ’ল যে বিশ্ববিদ্যালয়সমূহৰ চৌহদৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক বিদায় দিব লাগিব ৷ এইক্ষেত্ৰত চৰকাৰে শীঘ্ৰে এটা অভিযান চলাব । মহাবিদ্যালয় নাইবা বিশ্ববিদ্যালয়ৰ হোষ্টেলত যাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল থাকিব নোৱাৰে । সেইটো কৰিব পাৰিলে ৬০ শতাংশ ৰেগিং কমি যাব । আৰক্ষী আৰু মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহৰ প্ৰশাসনে একেলগে কাম কৰিলে পৰিৱেশ ভাল হ’ব’’ । লগতে তেওঁ ৰেগিঙক কঠোৰ হাতেৰে দমন কৰা হ’ব বুলিও মন্তব্য কৰে (DU ragging incident) ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.