Assam CM in Hojai: দলীয় কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰীৰ ‘‘মন কী বাত’’ শুনিলে মুখ্যমন্ত্রীয়ে

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 6:06 PM IST

thumbnail

হোজাই, 29 অক্টোবৰ : দেওবাৰে হোজাই জিলাৰ লংকাত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ লংকা টাউন মণ্ডলৰ উদ্যোগত মা লংকেশ্বৰী নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘‘মন কী বাত’’ অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ বিজেপিৰ কৰ্মীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘‘মন কী বাত’’ অনুষ্ঠানত উপভোগ কৰিব পৰাতো মোৰ বাবে সৌভাগ্য বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

মুখ্যমন্ত্রীৰ লগতে উপস্থিত থাকে মন্ত্রী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী যোগেন মোহনৰ লগতে বিজেপিৰ অন্যান বিষয়-ববীয়া ৷ আনহাতে দুৰ্গা পূজাৰ সময়ত বাংলা ভাষাত লিখা বেনাৰ ফলাক লৈ মন্তব্য মুখ্যমন্ত্রীৰ ৷ তেওঁ কয় যে, সংবাদ মাধ্যমত শিৰোনাম দখলৰ বাবে কিছু দুই তিনিজন মানুহে এনে কাম কৰে । তাক আমি গুৰুত্ব দিব নালাগে ।

লগতে পঢ়ক:Mann Ki Baat : হোজাইবাসীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান শুনিব মুখ্যমন্ত্ৰী শৰ্মাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.