Assam Book Fair : সোমবাৰৰ পৰা সাত দিনীয়াকৈ ডিফুত অসম গ্ৰন্থমেলা

By

Published : Feb 5, 2023, 10:42 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

ডিফু, ৫ ফেব্ৰুৱাৰী : ধেমাজি, নলবাৰী, যোৰহাট আৰু গুৱাহাটীৰ সফলতাৰ পাছত এইবাৰ অসম গ্ৰন্থমেলাৰ ব্যাপক প্ৰস্তুতি চলিছে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত (Assam Book Fair Diphu)৷ অসম প্ৰকাশন পৰিষদ  আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত তথা কাৰ্বি আংলং জিলা প্ৰকাশনৰ সহযোগত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, ডিফু অহা ৬ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাত উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ৰংবং তেৰাঙে (Writer Rongbong Terang)৷

অসম গ্ৰন্থমেলা, ডিফুৰ প্ৰাংগণত দেওবাৰে বিয়লি অনুষ্ঠিত এখন সংবাদমেলত এই বিষয়ে সদৰী কৰি অসম প্ৰকাশন পৰিষদৰ (Assam Prakashan Parishad) সচিব প্ৰমোদ কলিতাই কয় যে উদ্ধোধনী অনুষ্ঠানতেই কাৰ্বি আংলং জিলা প্ৰশাসনে প্ৰণয়ন কৰা 'অপৰূপ আৰ্লেং' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰিব অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে ৷ অনুষ্ঠানটোত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghang)৷

সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক অৰূপ কুমাৰ দত্তই ৷ ৬ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ সাতদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই গ্ৰন্থমেলাৰ প্ৰতিদিনে বিয়লিৰ ভাগত ভাষা-সাহিত্য- সংস্কৃতি আদি বিভিন্ন বিষয়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হ’ব৷

ইয়াৰ ভিতৰত আছে ৭ ফেব্ৰুৱাৰীত কাৰ্বি ভাষাত অনুষ্ঠিতব্য ‘‘Karbi alam apun-achak kibi aphuthak kachingvai ’’ ৷ এই আলোচনা সত্ৰখন উদ্ধোধন কৰিব পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে ৷ আলোচনা সত্ৰত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰিব খয়াছিং হাঞ্চে, খৰছিং টেৰণ, ধৰমছিং টেৰণ, চিকাৰী তিচ', জয়ছিং টকবী, লুনছে তিমুঙ ৷ আঁত ধৰিব লংছিং টেৰণে ৷ ৮ ফেব্ৰুৱাৰীত বিশিষ্ট ঔপন্যাসিক বসন্ত দাসৰ সোঁৱৰণত অনুষ্ঠিত হ’বলগীয়া আলোচনা সত্ৰ, লোক পৰম্পৰা, চৰ্চা গ্ৰন্থ প্ৰণয়ম সঞ্চালনা কৰিব বিশিষ্ট সাংবাদিক, সাহিত্যিক দিলীপ চন্দনে ৷ এই আলোচনা সত্ৰত আলোচক অতিথি হিচাবে উপস্থিত থাকিব ড৹ মনালিচা ৰংপিপী, গীতা হাঞ্চেপী, ড৹ ইন্দ্ৰজিৎ বেজবৰুৱা আৰু ভৱেন কোঁচ ৷

৯ ফেব্ৰুৱাৰীত বিশিষ্ট কবি অনুভৱ, তুলসীৰ সঞ্চালনাত অনুষ্ঠিত বহুভাষিক সন্মিলন ৷ ১০ জানুৱাৰীত লেখক -সাংবাদিক সঞ্জু বৰাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব যুৱ লেখকৰ সন্মিলন 'উন্মিলন' ৷ ১১ ফেব্ৰুৱাৰীত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব 'শিশুৰ দিন' ৷ 'শিশুৰ দিন' অনুষ্ঠানটো উদ্ধোধন কৰিব শশীকলা হাঞ্চেপীয়ে ৷

১২ ফেব্ৰুৱাৰীত অসম গ্ৰন্থমেলা, ডিফুৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পুজাৰীয়ে ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰিব বিশিষ্ট লেখক -গৱেষক ড৹ প্ৰদীপ জ্যোতি মহন্ত, বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ধনেশ্বৰ ইংতি আৰু কাৰবি লামেট আমেইৰ সভাপতি বাৰিম ইংতিয়ে ৷

গ্ৰন্থমেলাত প্ৰতি সন্ধিয়া বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে ৷ দেওবাৰে সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম আৰু কাৰবি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতীয়েও সাংবাদিকসকলক সম্বোধন কৰে ৷

লগতে পঢ়ক: Maghi Purnima 2023: অগণন ভক্তৰ সমাৱেশ সৰ্থেবাৰীৰ জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱথলীত

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.