Maghi Purnima 2023: অগণন ভক্তৰ সমাৱেশ সৰ্থেবাৰীৰ জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱথলীত

By

Published : Feb 5, 2023, 8:05 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

বৰপেটা, ৫ ফেব্ৰুৱাৰী : আজি মাঘী পূৰ্ণিমা (Maghi Purnima 2023)। অসমৰ ভিন্ন প্ৰান্তত মাঘ মাহৰ পূৰ্ণিমা তিথিত বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ৰাজ্যৰ মন্দিৰ, সত্ৰ, নামঘৰ আদিত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ দেখা গৈছে । বিভিন্ন স্থানত হোমযজ্ঞ আৰু সভাৰো আয়োজন কৰা হৈছে । ব্যতিক্ৰম নহয় বৰপেটা জিলা । শনিবাৰৰ পৰা বৰপেটাৰ সৰ্থেবাৰীত আয়োজন কৰা হৈছে ১৫৭ সংখ্যক শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ (Sarthebari Sabha Mahotsav)।

দেওবাৰে সমাপ্ত হৈছে ঐতিহাসিক সভা মহোৎসৱৰ হোমযজ্ঞ । মানস কৰিলেই সিদ্ধি হোৱাৰ জনবিশ্বাসৰ বাবেই হাজাৰ ভক্তই ভিৰ কৰিছে এই সভাস্থলী । হাজাৰ হাজাৰ ভক্তই নেদেখাজনৰ আশিস বিচাৰি চাকি জ্বলাই প্ৰাৰ্থনা কৰিছে । আনহাতে ১০৮ গৰাকী ব্ৰাহ্মণে ভাগে ভাগে চণ্ডীপাঠ, বাটুক পাঠ, শিব পাঠ আদি পূৰ্ণাহুতি প্ৰদানেৰে হোমযজ্ঞ সমাপন কৰে ।

দেওবাৰে পৱিত্ৰ কলিযুগাব্দা মাঘী পূৰ্ণিমা তিথি উপলক্ষে সৰ্থেবাৰীৰ শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে মহামিলনৰ তীৰ্থস্থলীত পৰিণত হৈছে । সমন্বয়ৰ মহাতীৰ্থ এই বিখ্যাত সভা মহোৎসৱৰ এফালে হোমযজ্ঞ আৰু আনফালে চলিছে বৃহৎ বাণিজ্য মেলা । হাজাৰ হাজাৰ ভকতৰ হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে সৰ্থেবাৰীৰ আকাশ বতাহ (Gathering of devotees at Sarthebari)।

সকলো প্ৰবাসী সৰ্থেবৰীয়াৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তই ভিৰ কৰিছে সৰ্থেবাৰীত । ইফালে অহা ১১ ফেব্ৰুৱাৰীলৈ চলিব এই সভা মহোৎসৱ । সভা মহোৎসৱৰ ধৰ্মীয় অনুষ্ঠানৰ সমান্তৰালকৈ বিশাল বাণিজ্য মেলালৈও বহু লোকৰ আগমন হৈছে । ইফালে উদ্যোক্তাই আশা কৰা মতে প্ৰতিদিনে লাখৰো অধিক ভক্তৰ সমাৱেশ হ'ব সৰ্থেবাৰীত আয়োজন কৰা এই ১৫৭ সংখ্যক শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱলৈ ।

উল্লেখ্য যে প্ৰতিবছৰে ব্যাপকভাৱে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱৰ আয়োজন কৰা হয় । বিগত প্ৰায় ৩ বছৰ ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে ভক্তৰ সমাগম কিছু কম হৈছিল যদিও এইবাৰ তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে ।

লগতে পঢ়ক :Maghi Purnima 2023: ভড়ালী নামঘৰত বাপীৰাম দেউৰ আজোনাতি মন্ত্ৰী কেশৱ মহন্তৰ সেৱা

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.