DU ragging controversy: ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ অভিযুক্তক গৰিহণা বিশ্বজিৎ দৈমাৰীৰ

By

Published : Dec 2, 2022, 1:36 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডই কঁপাই গৈছে সমগ্ৰ ৰাজ্য (DU ragging controversy) । প্ৰতিজন সচেতন লোকে গৰিহণা দিছে এই ভয়ংকৰ ৰেগিং কাণ্ডক । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Biswajit Daimary on DU ragging)। এই ভয়ংকৰ ৰেগিঙৰ ঘটনাক গৰিহণা দি বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে (Assam assembly speaker) কয়, মানৱীয়তা নথকা ছাত্ৰই লজ্জানত কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক । কেইজনমান অমানৱীয় ছাত্ৰৰ বাবে বিশ্ববিদ্যালয়ৰ লগতে ছাত্ৰ সমাজক জগৰীয়া কৰিব নালাগে (Dibrugarh University ragging case) । এই ঘটনাৰ পাছতে বিশ্ববিদ্যালয়ত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী, পিতৃ মাতৃ সকলো এতিয়া চিন্তাত পৰিব লগা হৈছে । এই ঘটনাৰ পৰা উচিত শিক্ষা লৈ পুনৰ যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ব্যৱস্থাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনালে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.