Sattra Mahasabha files FIR against MP Ajmal: আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল সত্ৰ মহাসভাৰ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 4:15 PM IST

thumbnail

মৰিগাঁও, 15 নৱেম্বৰ : মৰিগাঁৱৰ লাহৰীঘাটত অনুষ্ঠিত এক জনসভাত অসমীয়া জাতিৰ অতি সন্মানীয় তথা আদৰৰ চেলেং চাদৰখনক ৰাজহুৱাভাৱে দলিয়াই দি বিৰ্তকত সোমাই পৰিছিল এ আই ইউ ডি এফৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমল ৷ সাংসদ আজমলে অসমীয়া জাতিৰ আদৰৰ চেলেং দলিয়াই দিয়া ঘটনাক লৈ ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

সাংসদ আজমলৰ কাৰ্যত ক্ষুন্ন হৈ মৰিগাঁও আৰক্ষী থানাত সাংসদ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম সত্ৰ মহাসভাই ৷ বুধবাৰে অসম সত্ৰ মহাসভাৰ সচিব বিমল বৰকাকতিয়ে মৰিগাঁও আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ তেওঁ কয়, ‘‘ অসমীয়াৰ আদৰৰ চেলেং চাদৰখন অপমান কৰি ধৰ্মীয় অনুভূতিক আঘাত কৰিছে ৷ সনাতন ধৰ্মৰ পবিত্ৰ চেলেং চাদৰখন অপমান কৰা মানে সনাতনী ধৰ্মত আঘাত কৰা ৷ এই কাৰ্যই সমাজখনক বিশৃংখল কৰিব ৷ সেয়ে এইসমূহ কাৰ্য ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লোৱা উচিত আৰু প্ৰতিজন অসমীয়া এই কাৰ্যৰ বিৰুদ্ধে ওলাই আহিব লাগে ৷’’  

লগতে পঢ়ক:Ajmal throws Salang Chadar at public rally: চেলেং চাদৰ দলিয়াই পুনৰ অসমীয়াক অপমান সাংসদ বদৰুদ্দিন আজমলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.