Arunachal Rang Mahotsav: গুৱাহাটীত চাৰিদিনীয়াকৈ অনুষ্ঠিত অৰুণাচল ৰং মহোৎসৱ

By

Published : Aug 9, 2023, 6:59 AM IST

thumbnail

গুৱাহাটী,9 আগষ্ট: 4 দিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে ‘অৰুণাচল ৰং মহোৎসৱ’ শীৰ্ষক অনুষ্ঠানৰ। অৰুণাচল চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱ । 8 আগষ্টৰ পৰা 11 আগষ্টলৈ অনুষ্ঠিত হ'ব লগা এই মহোৎসৱত মঞ্চস্থ কৰা হ’ব কেইবাখনো নাটক । মঙলবাৰে উদ্বোধনী অনুষ্ঠানত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ পেমা খাণ্ডুৰ লগতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অভিনেতা দুলাল ৰয়, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন, কলাক্ষেত্ৰৰ সচিৱ সুদৰ্শন ঠাকুৰ আৰু অৰুণাচলৰ বিধায়ক ৰিকেন মমলে ।

18 জুলাইৰ পৰা অনুষ্ঠিত হোৱা এই মহোৎসৱ গুৱাহাটীৰ উপৰিও দিল্লী, মুম্বাই আৰু কলকাতা অনুষ্ঠিত কৰা হয় । অৰুণাচল প্ৰদেশৰ বীৰত্বৰ ইতিহাস দাঙি ধৰাই হৈছে এই মহোৎসৱৰ মূল উদ্দেশ্য । মহোৎসৱৰ প্ৰথম দিনা মঞ্চস্থ কৰা হয় এংলো খামটি ওৱাৰ নামৰ নাটকখন ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণাচলৰ কলা-কুশলীয়ে প্ৰদৰ্শন কৰা নাটক চাই আপ্লুত হোৱা বুলি মন্তব্য কৰাৰ লগতে গুৱাহাটীবাসীক বাকী থকা আন তিনিখন নাট চাবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Web series Krishnasura.com poster release:কৃষ্ণচূড়া ডট কম ৱেব ছিৰিজৰ পোষ্টাৰ মুকলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.